খানাৰাৰাত STF ৰ জালত ৯২ হাজাৰ নকল নোটসহ তিনি সৰবৰাহকাৰী - Fake notes seized - FAKE NOTES SEIZED
🎬 Watch Now: Feature Video
Published : May 19, 2024, 7:00 AM IST
গুৱাহাটী, ১৯ মে' : মহানগৰীৰ খানাপাৰাত নকল নোটৰ বিৰুদ্ধে STF ৰ অভিযান । খানাপাৰা উৰণ সেঁতুৰ সমীপত চলা এই অভিযানত জব্দ বুজন পৰিমাণৰ নকল নোট । লগতে অভিযানকাৰী দলটোৱে নকল নোটসহ গ্ৰেপ্তাৰ কৰে মেঘালয়ৰ তিনি যুৱক। ধৃত তিনি যুৱক ক্ৰমে মেঘালয়ৰ শেখৰাজ চৌদিপ, কামলেং জলং আৰু চেলভিছ চৌদিপ বুলি জানিব পৰা গৈছে ।
ধৃত তিনি নকল নোট সৰবৰাহকাৰীৰ পৰা অভিযানকাৰী দলটোৱে ৯২ হাজাৰ টকাৰ নকল নোট জব্দ কৰিবলৈ সক্ষম হয় । লগতে নগদ ৩১ হাজাৰ ৫০০ টকা আৰু দুটাকৈ মোবাইল ফোনো জব্দ কৰে তিনি নকল নোট সৰবৰাহকাৰীৰ পৰা ।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি খানাপাৰা অঞ্চলটোত ড্ৰাগছ, গাঞ্জাৰ লগতে নকল নোটৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা অসাধু চক্ৰই । ইয়াৰ মাজতে এক গোপন খবৰৰ ভিত্তিত STF ৰ এটা দলে এক অভিযান চলাই খানাপাৰাত নকল নোটৰ আদান প্ৰদান কৰিব খোজোতেই গ্ৰেপ্তাৰ কৰে তিনি নকল নোট সৰবৰাহকাৰীক । সম্প্ৰতি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে STF ৰ অভিযানকাৰী দলটোৱে ।