পুত্ৰস্নেহত ধুবুৰীবাসীক পাহৰিছে ৰকিবুলে: ভৱেশ কলিতা
🎬 Watch Now: Feature Video
Published : Oct 30, 2024, 10:44 PM IST
চামগুৰি: ক্ৰমাৎ গৰম হৈছে চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বতাহ । চামগুৰিৰ উপ-নিৰ্বাচনত ৰকিবুলপুত্ৰ তাঞ্জিল হুছেইনক পৰাজিত কৰিবলৈ নামি পৰিছে শাসকীয় দলৰ নেতা-মন্ত্ৰী । চামগুৰিত নিৰ্বাচনী প্ৰচাৰত নামিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী । ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰীকা, বিমল বড়া, বিধায়ক জিতু গোস্বামীয়ে প্ৰচাৰ চলোৱা চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বুধবাৰে চামগুৰিত উপস্থিত হয় দলটোৰ সভাপতি ভৱেশ কলিতা ।
বুধবাৰে সমষ্টিটোৰ কেবাটাও প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই ৰকিবুল হুছেইনৰ সমালোচনাত মুখৰ হৈ পৰে বিজেপিৰ সভাপতি ভৱেশ কলিতা । মন্ত্ৰী বিমল বড়াক লগত লৈ চামগুৰিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত ৰকিবুল হুছেইনক কটাক্ষ কৰে ভৱেশ কলিতাই । পুত্ৰস্নেহত মগ্ন হৈ ৰকিবুল হুছেইনে ধুবুৰীবাসীক পাহৰি যোৱা বুলিও মন্তব্য কৰে ভৱেশ কলিতাই । লগতে এইবাৰ উপ-নিৰ্বাচনত চামগুৰিৰ ভোটাৰেও ৰকিবুল হুছেইনৰ কথাত গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে বিজেপিj সভাপতিগৰাকীয়ে ।