ভক্তসকললৈ বিশেষ নিৰ্দেশনা ব'লব'ম পৰিচালনা সমিতিৰ - Bolbom 2024

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 8:31 PM IST

thumbnail
ভক্তসকললৈ বিশেষ নিৰ্দেশনা ব'লব'ম পৰিচালনা সমিতিৰ (ETV Bharat)

গুৱাহাটী, ১৯ জুলাই : ২১ জুলাইৰ পৰা আৰম্ভ হ'ব শ্ৰাৱণ মেলা বা ব'লব'ম । ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বশিষ্ঠ দেৱালয় সমিতিয়ে । তাৰ প্ৰাকক্ষণত শুকুৰবাৰে বশিষ্ঠ দেৱালয় প্ৰাংগনত এক সংবাদমেল সম্বোধন কৰি পৰিচালনা সমিতিয়ে ভক্তৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰে । মন্দিৰ পৰিচালনা সমিতিয়ে সংবাদমেলৰ জৰিয়তে ভক্তসকলক কেইবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনায় ।

সমিতিয়ে জনোৱা মতে কোনো ভক্ত বা দৰ্শনাৰ্থীযে নিচাযুক্ত দ্ৰব্য সেৱন অথবা লগত আনিব নোৱাৰিব । ব'লব'মৰ স্বেচ্ছাসেৱকৰ তালাচীত যদি কোনো ভক্ত বা দৰ্শনাৰ্থীৰ পৰা নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰা হয় তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব । ইফালে পবিত্ৰ শাওণ মাহৰ প্ৰতিটো দেওবাৰে অনুষ্ঠিত হ'বলগীয়া ব'লব'মৰ বাবে বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ কোনো বাহন প্ৰৱেশ কৰিব নোৱাৰিব । বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যোৱা পথত ভক্ত বা দৰ্শনাৰ্থীৰ বাবে কোনো লোক অথবা সংস্থাই পানী, শীতল পানীয় অথবা কোনো খাদ্য সামগ্ৰীও বিতৰণ কৰিব নোৱাৰিব ।

ভক্তসকলক মাৰ্জিত পোচাক পৰিধান কৰি আহিবলৈ পৰিচালনা সমিতিয়ে আহ্বান জনায় । লক্ষণীয়ভাৱে বিগত বছৰসমূহৰ দৰে এইবাৰো বশিষ্ঠ চাৰিআলিৰ পৰা বশিষ্ঠ মন্দিৰলৈ যোৱা পথত আৰক্ষী প্ৰশাসন তথা বশিষ্ঠ যুৱ ঐক্য মঞ্চই নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে তালাচী চলাব । ইয়াৰ উপৰিও উচ্চ স্বৰৰ সংগীত অথবা ডিজে মিউজিক বজাই পৰিৱেশ বিনষ্ট কৰিব পৰা ভক্ত তথা দৰ্শনাৰ্থীৰ বিৰুদ্ধেও প্ৰশাসনে পদক্ষেপ ল'ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :২১ জুলাইৰ পৰা আৰম্ভ পবিত্ৰ ব’লব’ম : ভক্তক আদৰিবলৈ সাজু পঞ্চধাৰা শিৱধাম ন্যাস কমিটী - Bolbom 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.