চাবুলৰ কোবত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ - পিতৃহন্তা পুত্ৰক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
Published : Mar 4, 2024, 12:03 PM IST
গুৱাহাটী, 4 মাৰ্চ : মহানগৰীৰ পানীখাইটিৰ সমীপৱৰ্তী চপাইদাং অঞ্চলত এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । কুলাংগাৰ পুত্ৰই হত্যা কৰিলে নিজ পিতৃক ৷ পুত্ৰ প্ৰন্তুছ দাসৰ চাবুলৰ কোবত প্ৰাণ গ’ল পিতৃৰ ৷ মৃত পিতৃৰ নাম দয়া ভত্তা বুলি জানিব পৰা গৈছে । অত্যাধিক সুৰাপান কৰাৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।
স্থানীয় লোকৰ পৰা জানিব পৰা মতে, দেওবাৰে নিশা পিতৃ দয়া ভত্তাই অত্যধিক সুৰাপান কৰি পত্নী আৰু পুত্ৰক সুৰাৰ ৰাগীত মাৰপিট কৰিছিল । ইয়াতে ক্ষুন্ন হৈ সুৰাৰ ৰাগীত মাতাল হৈ থকা পিতৃ-পুত্ৰৰ মাজত প্ৰথমে তৰ্ক যুদ্ধ হয়, তাৰ পিচতে পৰিস্থিতি হতাহতিলৈ পৰিৱৰ্তিত হয় । পৰৱৰ্তী সময়ত খঙৰ ভমকত এটা সময়ত পুত্ৰই এডাল চাবুলেৰে পিতৃক প্ৰহাৰ কৰে ৷ পুত্ৰৰ প্ৰহাৰত পিতৃ দয়া ভত্তা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক আকোঁৱালি লয় ৷
সোমবাৰে পুৱা স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ পুত্ৰ প্ৰন্তুছক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক: অধিবক্তা স্বাতী বিধান বৰুৱাক জেইললৈ প্রেৰণ