নিজ মাতৃক জীৱন্তে গাঁত খান্দি পুতি থলে পাষাণ পুত্ৰই - shocking incident

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:48 PM IST

thumbnail
ফিল'বাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইনত সংঘটিত পাশৱিক ঘটনা (ETV Bharat Assam)

তিনিচুকীয়া, 22 জুলাই : তিনিচুকীয়া জিলাৰ ফিল'বাৰী চাহ বাগিচাৰ 1 নম্বৰ লাইনত সংঘটিত হৈছে এক পাশৱিক ঘটনা ৷ অভিযোগ অনুসৰি নিজ মাতৃক গাঁত খান্দি জীৱন্তে পুতি থ’লে পুত্ৰই ৷ গাভৰেল লাক্ৰা নামৰ লোকজনে নিজৰেই মাতৃ বুধুনী লাক্ৰাক ঘৰৰ পাচফালে গাঁত খান্দি পুতি থয় ৷

পৰৱৰ্তী সময়ত ঘটনাৰ বিষয়ে স্থানীয় লোকসকল অৱগত হোৱাত আৰক্ষীক খবৰ দিয়ে আৰু ততাতৈয়াকৈ ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ গাঁতৰ পৰা উদ্ধাৰ কৰে মাতৃগৰাকীক ৷ স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি গাঁতৰ পৰা খান্দি উলিওৱাৰ সময়তো উশাহ-নিশাহ লৈ আছিল মাতৃগৰাকীয়ে ৷

স্থানীয় লোকৰ মতে প্ৰায় 8-10 বছৰৰ পৰা পেৰালাইচিচ হৈ শয্যাগত হৈ আছিল মাতৃগৰাকী ৷ সুদীৰ্ঘ বছৰ ৰুগীয়া মাতৃক পৰিচৰ্যা কৰি আহিছিল পুত্ৰই ৷ কিন্তু আজি কিয় এইদৰে নিজ মাতৃক জীৱন্তে সমাধিস্থ কৰিলে সেইয়া আশ্বৰ্যৰ বিষয় হৈ পৰিছে ৷ ইফালে, পৰৱৰ্তী সময়ত আৰক্ষীয়ে গাভৰেল লাক্ৰাক আটক কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : মোমায়েকৰ ঘৰলৈ আহি সলিল সমাধি ১৩ বছৰীয়া বনজিতৰ - Tragic Incident
 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.