বন্যহস্তীক খাদ্য যোগান মাজুলীৰ একাংশ দৰদী লোকৰ - FOOD PROVIDE TO WILD ELEPHANTS

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 12:53 PM IST

thumbnail
বন্যহস্তীক খাদ্য যোগান ধৰি প্ৰশংসিত (ETV Bharat Assam)

মাজুলী, 6 আগষ্ট: সততে দেখিবলৈ পোৱা হাতী-মানুহৰ সংঘাতৰ বিপৰীতে পৰিলক্ষিত হৈছে আন এক ছবি ৷ খাদ্যৰ সন্ধানত মাজুলীৰ ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ ওলাই আহিছে এজাক বন্যহস্তী ৷ কমলাবাৰী ঘাটৰ সমীপৰ চাপৰিত বিগত দহ দিন ধৰি অৱস্থান কৰি আছে হাতীৰ জাকটোৱে ৷ ভৰ বাৰিষাৰ বাবে তীব্ৰ খাদ্য সংকটত ভোগা হাতীৰ জাকটোক খাদ্য যোগান ধৰিছে কমলাবাৰী ফেৰীঘাটৰ গুটীয়া ফেৰীৰ কৰ্মচাৰী, মালবাহী ফেৰীৰ কৰ্মচাৰীসকলৰ লগতে ঘাটত থকা ব্যৱসায়ী সন্থাই ৷

উক্ত লোকসকলে বন্যহস্তীৰ জাকটোক যোগান ধৰিছে কলগছ, ঔটেঙাৰ লগতে অন্যান্য ফলমূলসমূহ ৷ যি কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে লাভ কৰিছে প্ৰশংসা ৷ আচলতে যি সময়ত আনৰ কথা ভাবিবলৈ আজৰি নাই, সেই সময়ত এইসকল লোকে দেখুৱাইছে মানৱতাৰ এক উৎকৃষ্ট উদাহৰণ ৷

লগতে পঢ়ক: শান্ত-সমাহিত গজৰাজ : মাজুলীৰ কাৰ্তিক চাপৰিত বন্যহস্তীৰ বিশাল জাক - Free Roaming of Wild Elephant

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.