ডিলাইত কোটি টকাৰো অধিকমূল্যৰ সন্দেহযুক্ত হেৰ'ইনসহ সৰবৰাহকাৰী আটক - Anti Drugs Operation

By ETV Bharat Assamese Team

Published : May 18, 2024, 8:53 PM IST

thumbnail
ডিলাইত কোটি টকাৰো অধিকমূল্যৰ সন্দেহযুক্ত হেৰ'ইনসহ সৰবৰাহকাৰী আটক (ETV Bharat Assam)

ডিফু, ১৮ মে': ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কাৰ্বি-আংলং জিলাতো ধাৰাবাহিকভাৱে চলি আছে ড্ৰাগছ বিৰুদ্ধে তীব্ৰ অভিযান । শনিবাৰে পুৱা প্ৰায় ১২ বজাত অসম-নাগালেণ্ড সীমান্তৰ কাৰ্বি-আংলং জিলাৰ ডিলাইত বুজন পৰিমাণৰ সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ডিলাই আৰক্ষী ৷ মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন তেলৰ টেংকাৰৰ গোপন চেম্বাৰত লুকুৱাই অনা ৫০ টা চাবোনৰ বাকচত ৫৭৩'৬০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷  

হেৰ'ইনখিনিৰ সৈতে আৰক্ষীয়ে মণিপুৰৰ  প্ৰিঞ্চ মাও নামৰ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ জব্দকৃত হেৰ'ইনখিনিৰ বজাৰ মূল্য ১ কোটিতকৈ অধিক টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰক্ষ্মৰ নেতৃত্বত চলোৱা তালাচী অভিযানত জব্দ কৰে নিষিদ্ধ ড্ৰাগছখিনি । 

লগতে পঢ়ক: কাছাৰৰ লক্ষীপুৰত হেৰ'ইনসহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী - DRUGS SEIZED IN CACHAR

কলগাছিয়াত তিনি ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ - DRUGS SEIZED IN Kalgachia

মৰিয়নীত ১ কোটি ৪০ লাখ টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drugs Seized In Mariani

খটখটীত যুৱকৰ বেগত ওলাল প্ৰায় ৬ লাখ টকাৰ হেৰ’ইন - Anti Drugs Operation

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.