মৰিয়নীত ১ কোটি ৪০ লাখ টকাৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ - Drugs Seized In Mariani - DRUGS SEIZED IN MARIANI
🎬 Watch Now: Feature Video


Published : May 14, 2024, 10:00 PM IST
যোৰহাট, ১৪ মে': যোৰহাট জিলাৰ মৰিয়নীৰ নিউ সোণোৱালত আৰক্ষীৰ বৃহৎ সফলতা । ১ কোটি ৪০ লাখ টকা মূল্যৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী । তিতাবৰ মহকুমা আৰক্ষী বিষয়া আৰু গোলাঘাট আৰক্ষীৰ যুটীয়া অভিযানত মৰিয়নীৰ নিউ সোণোৱালৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত আৰক্ষী তালাচী চকীৰ ওচৰত ১ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গোপন As 03D 6514 নম্বৰ বাহনখন নাগালেণ্ডৰ ক'হিমাৰ পৰা অৰুণাচললৈ গৈ থকা অৱস্থাত ৩০ টা চাবোনৰ বাকচত অনা ৩৫৮.৩৬ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ।
এই ড্ৰাগছ সৰৱৰাহত জড়িত তিতাবৰ চুঙী বাবুল দাস নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ড্ৰাগছ সৰৱৰাহকাৰীটোৱে গাড়ীত বহা ছীটৰ তলত কৌশলৰে এই ড্ৰাগছখিনি আনিছিল ।