গৰু নহয়, কুকুৰৰ চোৰাং সৰবৰাহ : আটক দুই সৰবৰাহকাৰী - Dogs Rescued
🎬 Watch Now: Feature Video
গোলাঘাট, 29 মে’ : গোধনৰ সমান্তৰালভাৱে জনচক্ষুৰ আঁৰত ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে কুকুৰৰ চোৰাং সৰবৰাহ ৷ অসমৰ পৰা বহিঃৰাজ্যলৈ দেশী কুকুৰৰ চোৰাং সৰবৰাহেৰে একাংশই চলাই গৈছে ৰমৰমীয়া ব্যৱসায় ৷ এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁৱৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰা কুকুৰসহ দুটাকৈ সৰবৰাহকাৰীক ৷
দেৰগাঁৱৰ সমীপৱৰ্তী কুৰালগুৰিৰ পৰা আৰক্ষীয়ে কুকুৰসহ দুটাকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে জনোৱা মতে আটকাধীন সৰবৰাহকাৰী দুটা গোলাঘাট সৰুপথাৰৰ ৷ উল্লেখ্য যে, দেৰগাঁৱত বহু দিনৰ পৰাই চলি আহিছে চোৰাং কুকুৰৰ বেহা ৷ ইতিমধ্যে দেৰগাঁও আৰক্ষীয়ে কুকুৰৰ চোৰাং সৰবৰাহ চলাই যোৱা দলটো জালত পেলাবলৈ সক্ষম হৈছে ৷
আৰক্ষীয়ে জনোৱা মতে এখন বলেৰ' বাহনত দেৰগাঁৱৰ পৰা ডিমাপুৰলৈ সৰবৰাহ কৰা হৈছিল প্ৰায় 20-25 টাকৈ কুকুৰ ৷ কুকুৰকেইটা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় দেৰগাওঁ আৰক্ষী ৷ বৰ্তমান কুকুৰকেইটা দেৰগাওঁ থানাতে ৰখা হৈছে ৷ অভিভাৱকে কুকুৰকেইটা দেৰগাওঁ থানাৰ সৈতে যোগাযোগ কৰি, চিনাক্ত কৰি ঘৰলৈ লৈ যাব পাৰিব বুলি জনাইছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : সত্ৰাধিকাৰৰ তৎপৰতাত জব্দ চোৰাং গৰুসহ বিলাসী বাহন - Cow Smuggling In Dibrugarh