যাদু-মন্ত্ৰ কৰি অহাৰ অভিযোগত 60 বছৰীয়া লোকক হত্যা যুৱকৰ - Murder in Sivasagar

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 3:44 PM IST

Updated : Jul 5, 2024, 3:53 PM IST

thumbnail
60 বছৰীয়া বৃদ্ধক হত্যা যুৱকৰ (ETV BHARAT ASSAM)

শিৱসাগৰ, 5 জুন : শিৱসাগৰৰ হাঁহচৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ 32 বছৰীয়া এজন যুৱকে হত্যা কৰিলে 60 বছৰীয়া এজন বৃদ্ধক ৷ অন্ধবিশ্বাসৰ বলি হৈ 60 বছৰীয়া বৃদ্ধজনক নিৰ্মমভাৱে হত্যা কৰে গৌৰাংগ গগৈ নামৰ যুৱকজনে ৷

জানিব পৰা মতে হৰি মুণ্ডা নামৰ বৃদ্ধজনক দাৰে ঘপিয়াই হত্যা কৰি দিখৌ নদীত উটুৱাই দিয়ে যুৱকজনে ৷ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ যুৱকজনে বৃদ্ধজনক হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷  

হৰি মুণ্ডাই অঞ্চলটোৰ বলীন গগৈ নামৰ এজন ব্যক্তিৰ ঘৰত বিগত 20 বছৰ ধৰি বনকৰা হিচাপে আছিল ৷ বলীন গগৈৰ ঘৰত কোনো নথকাৰ সময়তে গৌৰাংগ গগৈয়ে হৰি মুণ্ডাক হত্যা কৰি দিখৌ নদীত উটুৱাই দিয়া বুলি চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছে ৷  যাদু-মন্ত্ৰ কৰি অহাৰ সন্দেহতে হৰি মুণ্ডাক হত্যা কৰা বুলি স্বীকাৰোক্তি দিছে গৌৰাংগ গগৈয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰৰ বাবে দিখৌ নদীত অভিযান চলাইছে এছ ডি আৰ এফ-এ ৷

লগতে পঢ়ক : বন্যাৰ্তক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স - Accident in Kaliabor

Last Updated : Jul 5, 2024, 3:53 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.