পাচিঘাটত অনুষ্ঠিত হ'ব চিয়াং নদী মহোৎসৱ-২০২৪ - River Rafting

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 2:30 PM IST

জোনাই,২০ ফেব্ৰুৱাৰী: অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ স্মাৰ্ট চিটি পাচিঘাটত স্বতন্ত্ৰভাবে আয়োজিত চিয়াং নদী মহোৎসৱ চমুকৈ SRF ২০২৪ ৰ প্ৰথম সংস্কৰণ আয়োজনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি ৷ ৰাজ্যখনৰ ইক' টুৰিজিমৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰদৰ্শন কৰা হ'ব অৰুণাচল প্ৰদেশৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য, সংগীত, কলা, খাদ্য আৰু বিভিন্ন দুঃসাহসিক ক্ৰীড়া কাৰ্যকলাপ আদি ৷ ২২ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া চিয়াং নদী মহোৎসৱত বলীউডৰ শ্বান, কুণাল গঞ্জাৱালা, শান্তনু মুখাৰ্জী, ৰক বেণ্ড আদি শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷  

SRF-২০২৪ ৰ পৰিচালন সঞ্চালক কাটেম দায়ে জনোৱা মতে, এই অনুষ্ঠানে পূব চিয়াং জিলা আৰু সামগ্ৰীকভাৱে অৰুণাচল প্ৰদেশৰ ইক' টুৰিজিম উদ্যোগক উন্নীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ ওলাইছে । উক্ত মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান, সংগীত আৰু ক্ৰীড়া অনুষ্ঠানৰ অভাৱনীয় অনুষ্ঠান যেনে, ৰিভাৰ ৰাফটিং, পেৰাগ্লাইডিং, এংলিং, চাইক্লিং আৰু বহুতো অনুষ্ঠান অনুষ্ঠিত হ'ব বুলিও তেওঁ উল্লেখ কৰে । ইফালে মহোৎসৱটি সফল উদযাপনৰ বাবে সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে SRF-২০২৪ ৰ পৰিচালন সঞ্চালক কাটেম দায়ে ।

লগতে পঢ়ক: বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.