যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিয়ে চিন্তাত পেলাইছে সাধাৰণ ৰাইজক - Shortage of tuberculosis medicines - SHORTAGE OF TUBERCULOSIS MEDICINES
🎬 Watch Now: Feature Video
Published : May 21, 2024, 7:39 PM IST
বৰপেটা,২১ মে': বৰপেটা জিলাৰ যক্ষ্মা কেন্দ্ৰত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য় । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাৰ যক্ষ্মা কেন্দ্ৰতো যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি তথ্যই চিন্তিত কৰি তুলিছে সকলোকে । ৰোগীৰ বিপৰীতে বৰপেটাত পৰ্যাপ্ত পৰিমাণে নাই যক্ষ্মা ৰোগৰ ঔষধ । ঔষধ বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীসকলে । বৰপেটা জিলা যক্ষ্মা বিষয়া ডাঃ গুনীন্দ্ৰ নাথ দাসে জনোৱা অনুসৰি বৰপেটা জিলাত চিনাক্ত হোৱা যক্ষ্মা ৰোগীৰ সংখ্যা ৫৮৮ জন আৰু বাহিৰত চিনাক্ত হোৱা ৰোগীৰ সংখ্যা ১৪জন । মুঠ বৰপেটা জিলাৰ যক্ষ্মা ৰোগীৰ সংখ্যা ৬০২ জন ।
যক্ষ্মা ৰোগীৰ বিপৰীতে ঔষধ নথকাৰ বাবে ঔষধৰ নাটনিয়ে চিন্তিত কৰিছে যক্ষ্মা ৰোগীসকলক । দৰাচলতে যক্ষ্মা ৰোগৰ ঔষধ বজাৰত পাবলৈ টান । তথাপিও চৰকাৰীভাৱে নোপোৱা সময়লৈকে বাহিৰৰ পৰা ৰোগীসকলক কিনি ঔষধ সেৱন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় জিলা যক্ষ্মা বিষয়া গৰাকীয়ে । ইয়াৰ উপৰিও চৰকাৰীভাৱে পোৱা ঔষধ আৰু বজাৰত পোৱা ঔষধৰ মাজত গুণগত তাৰতম্য থাকে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । এই মাহৰ ভিতৰতে ঔষধ নাটনি দূৰ হ'ব বুলি আশা প্ৰকাশ কৰে বৰপেটা জিলা যক্ষ্মা বিষয়া গুনীন্দ্ৰ নাথ দাসে ।