বজাৰ বন্ধ কৰি ব্যৱসায়ীয়ে পালন কৰিলে শংকৰদেৱৰ জন্মজয়ন্তী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 11, 2024, 8:15 PM IST

বৰপেটা,১১ অক্টোবৰ: বৰপেটাত বজাৰ বন্ধ কৰি ব্যৱসায়ীয়ে পালন কৰিলে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী । বৰপেটা চহৰৰ মাজমজিয়াত অৱস্থিত বৰবজাৰৰ ব্যৱসায়ীসকলে সকলো দোকান-পোহাৰ বন্ধ কৰি শুকুৰবাৰৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ জন্মজয়ন্তী পালন কৰিছে । বৰপেটাৰ বৰবজাৰৰ ব্যৱসায়ীসকলৰ যুৱক সংঘৰ উদ্যোগত পালন কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী উপলক্ষে আজি ব্যৱসায়ী আৰু ব্যৱসায়ীসকলৰ পৰিয়ালে ভাগৱত ভ্ৰমণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ।  

ভাগৱত ভ্ৰমণ অনুষ্ঠানৰ পিছতে মৎস্য বজাৰত নামপ্ৰসংগ অনুষ্ঠিত হয় । মৎস্য বজাৰত গুৰু আসন স্থাপন কৰি ব্যৱসায়ীসকলে নাম প্ৰসংগত ভাগ লয় । চাৰিদিনীয়াকৈ অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী অহা সোমবাৰে পালনামৰ আৰ্হিত নাম প্ৰসংগৰে সামৰণি পৰিব । বৰপেটা চহৰৰ বৰবজাৰৰ ব্যৱসায়ীসকলে চাৰিদিন ধৰি ব্যৱসায় বন্ধ কৰি গুৰুজনাৰ জন্মজয়ন্তী পালন কৰাটো ৰাজ্যখনতে এক বিশেষ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: শক্তিপীঠৰ পষেকীয়া দুৰ্গোৎসৱত ভক্তৰ ভিৰ, ৩ ঘণ্টাৰ বাবেহে খোলা মন্দিৰৰ দুৱাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.