thumbnail

By ETV Bharat Assamese Team

Published : Feb 22, 2024, 2:12 PM IST

ETV Bharat / Videos

শদিয়াত প্ৰচণ্ড ধুমুহা, প্ৰকাণ্ড গছ উভালি ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ

তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰী : নিশা তিনিচুকীয়াৰ শদিয়াত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি । ফলত বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি হোৱাৰ খবৰ পোৱা গৈছে ৷ ধুমুহাত বহু অঞ্চলত প্ৰকাণ্ড গছ উভালি পৰে । যাৰ বাবে পুৱালৈ একাংশ গুৰুত্বপূৰ্ণ পথ বন্ধ হৈ থাকে । ১ নং শান্তিপুৰ গাঁৱত প্ৰকাণ্ড বৰগছ উভালি পৰাৰ ফলত ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে । নিশা প্ৰায় ৯.৪০ বজাতেই উভালি পৰা গছজোপা কাটি পথটো মুকলি নকৰাৰ ফলত পুৱালৈ শ শ যানবাহন ৰাজপথতে আবদ্ধ হৈ থাকে ।

প্ৰশাসনে পথটো মুকলি নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰীকে ধৰি সাধাৰণ জনতাই ব্যাপক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ইফালে ধুমুহাৰ ফলত অঞ্চলটোৰ বহু লোক প্ৰভাৱিত হৈছে । খেতিপথাৰৰ শস্যও নষ্ট হোৱাৰ তথ্য পোৱা গৈছে ।

লগতে পঢ়ক :মাৰ্ঘেৰিটাত অবৈধ কয়লাৰ সৰবৰাহ অব্যাহত, আৱদ্ধ কয়লাভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.