দৰঙত JE আৰু JE সদৃশ ৰোগত আক্ৰান্ত বহু লোক : তৎপৰতা বৃদ্ধি স্বাস্থ্য বিভাগৰ - Japanese Encephalitis

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 5:56 PM IST

thumbnail
দৰঙত JE আৰু JE সদৃশ ৰোগত আক্ৰান্ত বহু লোক (ETV Bharat Assam)

মঙলদৈ, 19 জুলাই : বানৰ পাচতেই ৰাজ্যত এইবাৰ জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ দৰং জিলাতো জাপানীজ এনকেফেলাইটিছ (JE) তথা এনকেফেলাইটিছ সদৃশ ৰোগত(AE) আক্ৰান্ত হৈছে বহু লোক ৷ স্বাস্থ্য বিভাগৰ ফালৰ পৰা লাভ কৰা হৈছে এই তথ্য ৷

চলিত বৰ্ষত কেৱল দৰং জিলা এতিয়ালৈকে 5 গৰাকী লোক JE ত আক্ৰান্ত হোৱাৰ বিপৰীতে JE সদৃশ ৰোগত আক্ৰান্ত হৈছে 27 গৰাকী লোক ৷ লগতে JE সদৃশ ৰোগত মৃত্যু হৈছে এজনৰ । ইতিমধ্যে JE চিকিৎসাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে মঙলদৈ অসামৰিক চিকিৎসালয় ৷ এই কথা জানিব দিছে দৰং জিলা মেলেৰিয়া বিষয়া শ্যাম প্ৰসাদ বৰুৱাই ৷

বৰুৱাই উল্লেখ কৰা মতে, বৰ্তমান মঙলদৈ অসামৰিক চিকিৎসালয়ত 5 খন বিচনা JE ৰোগত আক্ৰান্ত ৰোগীৰ বাবে আছুতীয়াকৈ ৰখা হৈছে ৷ ইয়াৰোপৰি অন্ততঃ এইকেইটা দিনত যদি কাৰোবাৰ জ্বৰ হয়, তেনেহ’লে তৎক্ষণাত চিকিৎসালয়লৈ আহি তেজ পৰীক্ষা কৰিবলৈ দৰং জিলা মেলেৰিয়া বিভাগৰ বিষয়া শ্যাম প্ৰসাদ বৰুৱাই আহ্বান জনায় ৷

লগতে পঢ়ক : বানৰ সমান্তৰালকৈ অসমত এনকেফেলাইটিছৰ সংহাৰ : ২৪ খন জিলাত ১৮৭ জন আক্রান্ত - Japanese Encephalitis

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.