গোলাঘাটৰ মৰঙিত বন্যহস্তীৰ উপদ্ৰৱত গৃহহীন কেইবাটাও পৰিয়াল - wild Elephant Menace - WILD ELEPHANT MENACE
🎬 Watch Now: Feature Video


Published : Mar 22, 2024, 7:32 PM IST
গোলাঘাট,২২ মাৰ্চ: গোলাঘাটৰ বৃহত্তৰ মৰঙি মৌজাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত ৷ মাত্ৰ এটা দিনৰ পূৰ্বে ২নং বুঢ়াগোহাঁই খাটত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ পিচতে পুনৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ সমীপৰ পোৰাবঙলাৰ পাৰ্বতীপুৰ গাঁৱত ওৰেনিশা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই তিনিটাকৈ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ ফলত পৰিয়ালকেইটা গৃহহীন হৈ পৰে ৷
পাৰ্বতীপুৰ গাৱঁৰ চিবু তাঁতী, জিতেন ওৰাং আৰু দ্ৰোণ মুণ্ডাৰ বাসগৃহ সম্পুৰ্ণৰূপে ভাঙি তহিলং কৰে বন্যহস্তীয়ে ৷ কথমপি পৰিয়ালকেইটাৰ লোকসকলে প্ৰাণৰক্ষা কৰি পলাই যাবলৈ সক্ষম হয় ৷ কাষতে থকা বকিয়াল বন বিভাগৰ লোকে হাতীৰ উপদ্ৰৱৰ পৰা গাঁৱৰ লোকসকলক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ৷ যাক লৈ বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷ ইয়াৰ পুৰ্বেও অঞ্চলটোৰ এটা পৰিয়ালৰ বাসগৃহ দুবাৰকৈ লণ্ডভণ্ড কৰিছিল যদিও আজি পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ ভুক্তভোগী লোকসকলকৰ ।
লগতে পঢ়ক: আমছিং যোৰাবাটত পুনৰ হাতীৰ উপদ্ৰৱ