শিৱভক্তৰ গাৰ ওপৰেৰে চলিল তীব্ৰবেগী ট্ৰাক: থিতাতে নিহত 4 - ROAD ACCIDENT IN GOSSAIGAON

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 10:55 AM IST

thumbnail
শিৱ ভক্তৰ গাৰ ওপৰেৰে চলিল তীব্ৰবেগী ট্ৰাক : থিতাতে নিহত 4 (ETV Bharat)

কোকৰাঝাৰ, 12 আগষ্ট: কোকৰাঝাৰত শোকাৱহ ঘটনা ৷ শাওণ মাহৰ শেষৰটো সোমবাৰে ব’লব’মৰ পৰা উভতি অহা শিৱভক্তৰ গাৰ ওপৰেৰে চলিল তীব্ৰবেগী ট্ৰাক ৷ এই ঘটনা সংঘটিত হৈছে কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱৰ কচুগাঁও মহামায়া মন্দিৰৰ সন্মুখেৰে যোৱা 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৷ গাড়ীৰ চেপাত বৰ্তমান পৰ্যন্ত 5 জন ভক্ত নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে ৷

জানিব পৰা মতে, মন্দিৰত পূজা সম্পন্ন কৰি বলেৰ’ পিক আপ বাহনত উঠাৰ সময়তে ভক্তসকলক প্ৰচণ্ড জোৰে এখন ট্ৰাকে খুন্দা মাৰে ৷ যাৰ ফলত থিতাতে মৃত্যু ঘটে গোঁসাইগাঁৱৰ 1 নং হাতীগড় গাঁৱৰ সুক্ৰমন ৰায়(20), জয় ৰায়(11), বাপ্পী ঘোষ(21) আৰু বাসুদেৱ ৰায়(22) ৰ ৷ আনহাতে, সংকটজনক অৱস্থাত চিকিৎসালয়ত মৃত্যু ঘটে নৱ ঘোষ(26) ৰ ৷ লগতে গুৰুতৰভাৱে আহত হৈ কচুগাঁও হাস্পতালত চিকিৎসাধীন হৈ আছে বিনন ৰায়(22) নামৰ যুৱকজন ।

দুৰ্ঘটনাতো সংঘটিত কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হৈছে RJ 10 GC 0217 ৷ ইতিমধ্যে ঘটনাস্থলীত গোঁসাইগাঁও মহকুমা আৰক্ষী বিষয়া হীৰেন কুমাৰ ডেকা আৰু কচুগাঁও আৰক্ষী উপস্থিত হৈছে ৷ একেখন ট্ৰাকে বিষমুৰীত আন এটা দুৰ্ঘটনা সংঘটিত কৰাৰ ফলত দুজনৰ মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে ৷ 

লগতে পঢ়ক: সিদ্ধেশ্বৰ নাথ মন্দিৰত পদপিষ্টৰ ঘটনা: থিতাতে মৃত্যু 7 গৰাকীকৈ ভক্তৰ, আহত 9 - Stampede tragedy in Bihar

দ’ খাৱৈত বাগৰি পৰিল শিশুসহ যাত্ৰী ভৰ্তি বাহন - Road accident in Sarthebari

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.