thumbnail

সোণাৰিত দাৰে ঘপিয়াই হত্যা কৰিলে মহিলাক

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 1:03 PM IST

মৰাণ, ১৬ ফেব্ৰুৱাৰী: চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক চাহ বাগিছাৰ ১ নম্বৰ লাইনত সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড । জিলাখনৰ টিয়ক বাগিচাৰ ১ নম্বৰ লাইনৰ দিন হাজিৰা কৰি দুই সন্তানৰ সৈতে বাস কৰি অহা ৰেখা গোৱালা নামৰ মহিলা গৰাকীৰ সৈতে প্ৰতিবেশী যুৱক চাজন বনিক দাস নামৰ যুৱকজনৰ মতানৈক্য হয় । ইয়াতে যুৱকজন খঙত অগ্নিশৰ্মা হৈ ঘৰৰ পৰা এখন চোকা দা লৈ মহিলাক গৰাকীক আক্ৰমণ কৰে ।  

দাৰ ঘাপত মূৰ, ডিঙি, বুকুত আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী ঘটনাস্থলীতে নিহত হয় । ঘটনাৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । স্থানীয় ৰাইজৰ সহযোগত অভিযুক্ত চাজন বনিক দাসক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাক লৈ আৰম্ভ কৰিছে তদন্ত । এই ঘটনাই সোণাৰিত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক:দিল্লীৰ আলিপুৰ বজাৰত অগ্নিকাণ্ডত ১১ জনৰ মৃত্যু; আহত ৪ জন আহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.