ভাড়াঘৰতেই বন্ধুৱে হত্য়া কৰিলে ব্যৱসায়ীক ! - Sensational murder in Guwahati

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 5:23 PM IST

thumbnail
পুনৰ মহানগৰীত হত্যাকাণ্ড (ETV BHARAT ASSAM)

গুৱাহাটী, ১৩ জুলাই: দুদিন পূৰ্বে মহানগৰীৰ মালিগাঁৱত সংঘটিত ব্যৱসায়ী হত্যাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই হাতীগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্য়কৰ হত্যাকাণ্ড । শুক্ৰবাৰে নিশা চৈয়দ আলী নামৰ এজন ব্যৱসায়ীক বন্ধুৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বিগত দুমাহ ধৰি হাতীগাঁৱৰ লাচিত বৰফুকন পথত ভাড়াতীয়া হিচাপে আছিল চৈয়দ আলী । তেওঁ পৰিয়ালৰ সৈতে ভাড়াঘৰতেই আছিল যদিও গ্ৰীষ্মবন্ধৰ বাবে পৰিয়ালৰ লোক ঘৰলৈ যোৱাৰ সময়তেই এই হত্য়াকাণ্ডটো সংঘটিত হয় ।

স্থানীয় লোকৰ ভাষ্য় অনুসৰি কালি ভতিজাকৰ লগত আছিল চৈয়দ আলী । কিন্তু যোৱা নিশা দুজন বন্ধু আহিছিল চৈয়দ আলীৰ ঘৰলৈ । আজি পুৱা ভাতিজাকে তেওঁক জগাবলৈ চেষ্টা কৰাত চৈয়দে মাত নিদিয়াত ওচৰ চুবুৰীয়াক খৱৰ দিয়ে । ওচৰ চুবুৰীয়াই আহি চৈয়দৰ মৃতদেহ প্ৰত্য়ক্ষ কৰি লগে লগে আৰক্ষীক খৱৰ দিয়াত হাতীগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।

ব্যৱসায়ীজনক গামোচাৰে ডিঙি চেপি গাৰুৰে হেচি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । উল্লেখ্য যে নিশাৰে পৰাই নিৰুদ্দেশ হৈ আছে কালি তেওঁৰ ওচৰলৈ অহা দুই বন্ধু । ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । 

লগতে পঢ়ক:মহিলাসহ গ্ৰেপ্তাৰ চাৰি : ৰঘুবেন্দ্ৰ কুমাৰ গুপ্তাৰ হত্যাকাণ্ডৰ নতুন মোৰ - Sensational murder in Guwahati

সুনীল গগৈকাণ্ড : ঢকুৱাখনাত পুনৰ ফৰেনচিক বিশেষজ্ঞৰ দল - Dhakuakhana murder case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.