thumbnail

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:58 PM IST

ETV Bharat / Videos

শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ বিচাৰি ধেমাজিৰ চিকিৎসালয়ত ভিৰ শিক্ষক সমাজৰ - PHYSICAL CERTIFICATE OF TEACHERS

ধেমাজি, 22 জুলাই: ধেমাজি অসামৰিক চিকিৎসালয়ত জিলাখনৰ শিক্ষক সমাজৰ অভূতপূৰ্ব ভিৰ ৷ সকলোৱে ব্যস্ত স্বাস্থ্য পৰীক্ষা কৰোৱাত ৷ চিকিৎসালয়ত শিক্ষক সমাজৰ এনে ভিৰ দেখি কৌতুহল জন্মিছে সকলোৰে ৷ প্ৰকৃততে হৈছে কি?

আচলতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা অহা এক নিৰ্দেশনাৰ পিচতেই চৰকাৰী চিকিৎসালয়ত ভিৰ বাঢ়িছে শিক্ষকৰ ৷ শাৰীৰিক সক্ষমতা নিশ্চিতকৰণৰ বাবে প্ৰয়োজনীয় প্ৰমাণপত্ৰৰ বাবে চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ভিৰ কৰিছেহি জিলাখনৰ শিক্ষকসকলে ৷ যাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়ৰ লেবৰেটৰীত ই চি জিৰ পৰা আৰম্ভ কৰি চকু, কাণ আৰু তেজৰ পৰীক্ষা কৰোৱাত ব্যস্ত 2013 চনত পদ প্ৰাদেশীকৰণ হোৱা শিক্ষকসকল ৷ উক্ত সময়ছোৱাত জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুল পৰ্যায়লৈকে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলে এই পৰীক্ষা কৰোৱাবলগীয়া হৈছে ৷

মন কৰিবলগীয়া যে, চাকৰি লাভৰ এটা দশকৰ পিচতহে শিক্ষকসকলৰ পৰা বিচৰা হৈছে শাৰীৰিক সক্ষমতাৰ প্ৰমাণপত্ৰ ৷ অৱশ্যে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে ধেমাজিৰ শিক্ষকসকলে ৷

লগতে পঢ়ক: জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰ: আৰোগ্য নোহোৱাকৈয়ে যাবলৈ দিয়া হ’ল AMCHৰ পৰা - Japanese Encephalitis in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.