ডিৰাক সোণজান ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - প্ৰতিবাদত উত্তাল হ’ল তিনিচুকীয়া
🎬 Watch Now: Feature Video
Published : Feb 19, 2024, 9:30 PM IST
তিনিচুকীয়া, ১৯ ফেব্ৰুৱাৰী : সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল তিনিচুকীয়া জিলাৰ কাকপথাৰ ডিৰাক সোণজান ৰাষ্ট্ৰীয় ঘাইপথছোৱা ৷ কিয়নো ডিৰাক সোণজানৰ পৰা ৰহবাৰী-চিকৰাজানলৈকে নিৰ্মাণ হ'বলগীয়া অসম মালা পথৰ ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে প্ৰদান কৰা নাই ক্ষতিপূৰণ ৷ যাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিছে ভুক্তভোগীৰ লগতে তিনিচুকীয়া জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷
প্ৰতিবাদকাৰীৰ দাবী, প্ৰায় ৮০০ টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ ভিতৰত মাত্ৰ ৩৯ টা পৰিয়ালক বিভাগীয় কৰ্তৃপক্ষই প্ৰদান কৰিছে ক্ষতিপূৰণ ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটা ৷ প্ৰাপ্যৰ দাবীত সোমবাৰে ক্ষতিগ্ৰস্ত কেবাটাও পৰিয়াল তথা কেইবাটাও দল-সংগঠনৰ নেতৃত্বই ডিৰাক সোণজান ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷
লগতে পঢ়ক : চৰকাৰৰ বিৰুদ্ধে দিছপুৰ লাষ্টগেটত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ