হিমন্ত বিশ্ব শৰ্মা এজন অগতান্ত্ৰিক মনৰ মানুহ: শংকৰজ্যোতি বৰুৱা - AASU protest against CAA
🎬 Watch Now: Feature Video
Published : Mar 10, 2024, 9:22 PM IST
ধেমাজি, 10 মাৰ্চ: ‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে আছুৰ প্ৰতিবাদ ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বান মৰ্মে দেওবাৰেও সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি সদৰত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৰূপায়ন কৰা হয় অনশন কাৰ্যসূচী ৷
বিয়লি প্ৰতিবাদস্থলীত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ৷ তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ ওপৰত আস্থা আৰু বিশ্বাস আছে ৷ কা বাতিল কৰি ৰাইজৰ পক্ষত নিৰ্ণায়ক ৰায় দিব ৷
নিশ্চিতভাৱে অসমীয়া মানুহে ৰাজপথলৈ ওলাই আহিব বুলি মন্তব্য কৰি শংকৰজ্যোতি বৰুৱাই কয় যে আন্দোলন যে হ’ব সেইটো অসম চৰকাৰে গম পাইছে ৷ ইপিনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি আছুৰ সাধাৰণ সম্পাদৰকগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীগৰাকী অগণতান্ত্ৰিক মনৰ মানুহ ৷ বিভিন্ন সময়ত নাম নজনা তথাকথিত মানুহৰ জৰিয়তে ভাতৃঘাটি বা গোষ্ঠীগত সংঘৰ্ষ লগাবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কাম কাজ কৰি থাকে ৷ ভয়-ভাবুকিৰে কাম কাজ আগবঢ়াই লৈ যাব পাৰে ৷
সকলোৱে গণতান্ত্ৰিক আৰু অহিংস পথেৰে আন্দোলন কৰিব বুলি মন্তব্য কৰি শংকৰজ্যোতি বৰুৱাই কয় যে মুখ্যমন্ত্ৰী আৰু আৰক্ষী বাহিনীয়ে দিয়া এচ অ’ পি মতে কোনোৱে আন্দোলন নকৰে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ নিৰ্দেশক ওফৰাই ৰাজ্যজুৰি CAA ৰ বিৰুদ্ধে প্ৰতিবাদ