বড়ো ভাষাত ছেল্ফ মেড ৰাণী বড়োলৈ সাহিত্য অকাদেমি যুৱ বঁটা - Sahitya Akademi Yuva Puraskar 2024 - SAHITYA AKADEMI YUVA PURASKAR 2024

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 7:44 PM IST

ওদালগুৰি, 15 জুন : বড়ো ভাষাত 2024 বৰ্ষৰ সাহিত্য অকাদেমি যুৱ বঁটা আগবঢ়োৱা হৈছে ওদালগুৰিৰ ছেল্ফ মেড ৰাণী বড়োলৈ ৷ 'ছাইখ্লুম' নামৰ গল্প সংকলনৰ বাবে বড়ো ভাষাত কথা শিল্পীগৰাকীয়ে লাভ কৰিছে সাহিত্য অকাদেমিৰ এই সন্মান ৷ এই খবৰ বিয়পি পৰাৰ লগে লগে সাহিত্যিকগৰাকীৰ বাসগৃহত অসংখ্য গুণমুগ্ধই ভিৰ কৰাৰ লগতে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয় ৷  

ছেল্ফ মেড ৰাণী বড়োৱে 1997 চনৰ 2 জুনত ওদালগুৰি জিলাৰ খৈৰাবাৰীৰ নিকটৱৰ্তী 1 নং শিমলুবাৰীৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল ৷ তেখেতৰ পিতৃ দেহীৰাম বড়ো আৰু মাতৃ প্ৰমীলা বড়ো ৷ ছেল্ফ মেড ৰাণী বড়োৰ বৰ্তমানলৈ 'লাফি নজেৰ খিথেৰ' (2018), 'উনদাহানী অ’ৰ' (2000) আৰু ছাইখ্লুম (2022) নামৰ তিনিখনকৈ গ্ৰন্থ প্ৰকাশ হৈছে ৷ বড়ো ভাষাত 2024 বৰ্ষৰ সাহিত্য অকাদেমি বঁটা লাভ কৰাৰ বতৰা বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহত বিভিন্ন দল-সংগঠন আৰু তেওঁৰ গুণমুগ্ধ উপস্থিত হৈ অভিনন্দন জনায় ৷ 
 

লগতে পঢ়ক : ডাঃ নয়নজ্যোতি শৰ্মালৈ 'যুৱ সাহিত্য অকাদেমি বঁটা' - Sahitya Akademi Yuva Puraskar 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.