তিনিচুকীয়াত ৰটাৰী ক্লাবে আগবঢ়ালে কৃত্ৰিম হাত - Help for specially able people

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 6:25 PM IST

thumbnail
ৰটাৰী ক্লাবৰ সহায় (ETV Bharat Assam)

তিনিচুকীয়া, ৩ আগষ্ট: তিনিচুকীয়া জিলাত শনিবাৰে ৰটাৰী ক্লাবে আগবঢ়ালে কৃত্ৰিম হাত ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ ১৫ গৰাকীকৈ বিশেষভাৱে সক্ষম লোকক কৃত্ৰিম হাত প্ৰদান কৰা হয় ৷ জন্মগতভাৱে হাতৰ দুৰ্বলতা থকা ১৫ গৰাকী লোক তথা বিভিন্ন সময়ত দুৰ্ঘটনাত হাত হেৰুৱাব লগা হোৱা ব্যক্তিক প্ৰদান কৰা হয় এই বিনামূলীয়া হাত ৷ লোকসকলৰ শৰীৰত হাত সংস্থাপন কৰাৰ লগতে চিকিৎসক তথা কাৰিকৰী দলে লোকসকলক প্ৰদান কৰে প্ৰশিক্ষণ ৷  

উক্ত হাতৰ জৰিয়তে লোকসকলে বিভিন্ন সৰুসুৰা কাম কৰিবলৈ সক্ষম হোৱাৰ লগতে পাঁচ কেজি পৰ্যন্ত ওজন উঠাবলৈ সক্ষম হ’ব ৷ হাত সংস্থাপন কৰাৰ পাচত লোকসকলৰ মুখত হাঁহি বিৰিঙাৰ লগতে ৰটাৰী ক্লাবৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে ৷ সমান্তৰালভাৱে ৰটাৰী ক্লাব কৰ্তৃপক্ষই অনাগত দিনসমূহত যাতে আৰু অধিক লোকক এটা নতুন জীৱন দিব পাৰি তাৰ চেষ্টা অব্যাহত থাকিব বুলি মন্তব্য় কৰে ৷

লগতে পঢ়ক:শোণিতপুৰ জিলা দিৱস : ১৩২০ গৰাকী দিব্যাংগক প্ৰয়োজনীয় সঁজুলি প্ৰদান - SONITPUR DISTRICT FOUNDATION DAY

Free Caliper camp : মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিনামূলীয়া কৃত্ৰিম অংগ আৰু কেলিপাৰ শিবিৰৰ আয়োজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.