ধেমাজিত নিজগৃহতে সম্বৰ্ধনা জনালে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষকক - retired headmaster felicitated
🎬 Watch Now: Feature Video
Published : Mar 9, 2024, 7:45 PM IST
ধেমাজি, ৯ মাৰ্চ: ধেমাজি চান্দনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উমেশ পাদুনক ধেমাজি জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি বিদায় সম্বৰ্ধনা জ্ঞাপন কৰা হয় । শিক্ষকতা জীৱনৰ সুদীৰ্ঘ তিনিটা দশকতকৈ অধিক কাল প্ৰাথমিক শিক্ষাৰ সৈতে জড়িত হোৱাৰ সমান্তৰালভাৱে ধেমাজি জিলা প্ৰাথমিক শিক্ষা সন্মিলনীক সন্মুখৰ পৰা বলিষ্ঠভাৱে নেতৃত্ব প্ৰদান কৰা উমেশ পাদুনক নিজ গৃহতে সম্বৰ্ধনা জনালে প্ৰাক্তন সতীৰ্থ, বৰ্তমানৰ সতীৰ্থৰ লগতে শিক্ষক সন্থা তথা বিভিন্ন দল-সংগঠনে ।
এই অনুষ্ঠানতে সন্মিলনীয়ে প্ৰকাশ কৰা উমেশ পাদুনৰ অভিনন্দন গ্ৰন্থ 'অভিকণ্ঠ ' উন্মোচন কৰে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথে ৷ অনুষ্ঠানটোত ধেমাজিৰ বিভিন্ন দল-সংগঠন, শিক্ষক সংগঠন, ন-পুৰণি সতীৰ্থৰ উপৰি উমেশ পাদুনৰ শতাধিক শুভাকাংক্ষীয়ে বিভিন্ন উপহাৰেৰে বিদায় সম্ভাষণ জনায় ৷ তিনি শতাধিকলোক উপস্থিত থকা ব্যতিক্ৰমী বিদায় অনুষ্ঠানটোত প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীও অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:সাধাৰণ সম্পাদকৰ বিজেপিত যোগদান, ক্ষুব্ধ কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা