আমগুৰিত গৌৰীনাথ সিংহৰ ৰাজত্বকালৰ ঐতিহাসিক বৰঢাপৰ পুনৰ নিৰ্মাণ - Amguri historic Bardhap - AMGURI HISTORIC BARDHAP
🎬 Watch Now: Feature Video


Published : May 23, 2024, 9:14 PM IST
আমগুৰি, ২৩ মে' : আমগুৰিত দুষ্কৃতিকাৰীৰ কবলত পৰা ঐতিহাসিক বৰঢাপৰ পুনৰ নিৰ্মাণ । উল্লেখ্য যে বৰাহীবাৰীস্থিত বৰঢাপ খান্দি নিঃশেষ কৰাৰ অন্তত প্ৰশাসনৰ নিৰ্দেশত পুনৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয় অভিযুক্তই । বৰঢাপ নিঃশেষ কৰা কামত শিক্ষকতাৰ লগত জড়িত লোকে উচটনি দিয়াৰো অভিযোগ উত্থাপিত হৈছিল । অৱশেষত সংবাদ মাধ্যম, প্ৰশাসন, আটাছু আৰু আহোম জাতীয় গণমঞ্চৰ তৎপৰতাত এই ঐতিহাসিক বৰঢাপটো পুনৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয় ।
উল্লেখ্য যে একাংশ লোকে জেচিবি লগাই এই বৰঢাপ খহাই মাটিৰ লগত সমান কৰি পেলাইছিল । সোতৰশ শতিকাত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত স্বৰ্গদেউৰ ভগ্নী আদাবৰীয়া সন্দিকৈয়ে মাত্ৰ ৩০ দিনতে এই বৰঢাপটো নিৰ্মাণ কৰি বৰাহীবাৰীক শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ আৰু জীৱ-জন্তুক সুৰক্ষা দিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ।
কিন্তু এই বৰঢাপৰ ঐতিহ্য ম্লান কৰি শিক্ষকতাৰ লগত জড়িত ব্যক্তিৰ প্ৰৰোচনাত পৰি ধ্বংস কৰা কাৰ্যক সহজভাৱে ল'ব পৰা নাছিল সচেতন লোকে । অৱশেষত আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ নিৰ্দেশত বৰঢাপটো পুনৰ নিৰ্মাণ কৰিবলৈ বাধ্য হয় ।