ৰাজ্যৰ সামগ্ৰিক ফলাফলত শেষ হাঁহি মাৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে: কেশৱ মহন্ত - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 9:29 AM IST

thumbnail
নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া (Etv Bharat Assam)

কলিয়াবৰ, 4 জুন : 8 বজাৰ লগে লগে সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে লোকসভা নিৰ্বাচনৰ ভোটগণনা ৷ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিক্ৰিয়া ৷ ৰাজ্য চৰকাৰৰৰ মন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী ফলাফল সন্দৰ্ভত কয় যে, নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব ৷ কলিয়াবৰ বিধানসভা সমষ্টিটো প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোট লাভ কৰিব ৷

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক : https://www.etvbharat.com/as/!elections/lok-sabha-election-results-2024

ৰাজ্যৰ সামগ্ৰিক ফলাফল উন্নত হ’ব, য’ত শেষ হাঁহি মাৰিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে ৷ এগজিট প’লৰ সমীক্ষা অনুসৰি কংগ্ৰেছে এখন আসন পালেও বাকীবোৰ আসন কোনে পাব বুলি পৰোক্ষভাৱে বিজেপি প্ৰাৰ্থীৰ জয়ৰে ইংগিত প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, কলিয়াবৰত প্ৰথম ৰাউণ্ডৰ ভোটগণনা চলি আছে ৷ তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আৰম্ভ কৰা হৈছে এই গণনা প্ৰক্ৰিয়া । সমষ্টিটোৰ 1,54,809 টা ভোটৰ হ'ব গণনা ৷ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই সমষ্টিটোত আগবঢ়াইছে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা ।

লগতে পঢ়ক: লোকসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ, চাওক অসমৰ ফলাফলৰ লাইভ আপডেট - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.