হোজাইত ৰাষ্ট্ৰীয় দিব্যাংগ একতা সংঘৰ সৌজন্যত সামগ্রী বিতৰণ - Hojai news
🎬 Watch Now: Feature Video


Published : Feb 4, 2024, 7:51 PM IST
হোজাই, ৪ ফেব্ৰুৱাৰী: হোজাই জিলাৰ লংকা হাইস্কুলৰ প্রাংগণত ৰাষ্ট্রীয় দিব্যাংগ একতা সংঘৰ সৌজন্যত দিব্যাংগসকলৰ মাজত বিভিন্ন সামগ্রী বিতৰণ কৰা হয় । দেওবাৰে দুজন দিব্যাংগক দুখন হুইলচেয়াৰ প্ৰদান কৰে ৰাষ্ট্রীয় দিব্যাংগ একতা সংঘৰ সদস্য়সকলে । তদুপৰি আঠজনক ৱাকিং ষ্টিক, ন জনক শ্রৱণ যন্ত্র আৰু ৬০ জনক কম্বল বিতৰণ কৰে ।
ৰাষ্ট্রীয় দিব্যাংগ একতা সংঘৰ সৌজন্যত দিব্যাংগসকলৰ মাজত বিভিন্ন সামগ্রী বিতৰণৰ এই অনুষ্ঠানত ৰাষ্ট্রীয় দিব্যাংগ একতা সংঘৰ অধ্যক্ষ দীপক চৌহানৰ লগতে সদৌ গোর্খা ছাত্ৰ সন্থাৰ হোজাই জিলা সমিতিৰ সভাপতি ৰোহন উপাধ্যায় উপস্থিত থাকে । ৰাষ্ট্রীয় দিব্যাংগ একতা সংঘৰ অধ্যক্ষ দীপক চৌহানে কয় যে তেওঁলোকে অতিকৈ দুখীয়া লোকসকলক এনেদৰে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে ।
লগতে পঢ়ক: কলিয়াবৰত গ্ৰেপ্তাৰ তিনি গাড়ী চোৰ; উদ্ধাৰ লক্ষাধিক টকা