তেজপুৰত বিজেপিৰ পঞ্চায়ত সভাপতিৰ পিতৃৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ - Rape in Tezpur - RAPE IN TEZPUR
🎬 Watch Now: Feature Video


Published : Apr 3, 2024, 9:10 PM IST
তেজপুৰ, ৩ এপ্ৰিল: পুনৰ সভ্য সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে তেজপুৰত । এইবাৰ বিজেপিৰ পঞ্চায়ত সভাপতিৰ পিতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে এনে অভিযেোগ ৷ ঘটনাটো সংঘটিত হৈছে তেজপুৰৰ বিন্দুকুৰি কঠালগুৰি চাহ বাগিচাৰ ১০ নং লাইনত । ৬৬ বছৰীয়া অভিযুক্তটোৰ কামনাৰ বলি হোৱাত ১৪ বছৰীয়া কিশোৰীগৰাকী ছমাহৰ অন্তঃসত্ত্বা হয় ।
একেটা অঞ্চলৰে ৬০ উৰ্ধৰ দয়াৰাম ৰোহি দাস নামৰ অভিযুক্তটোৰ কামনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে সপ্তম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীয়ে ৷ বিন্দুকুৰি গাঁও পঞ্চায়তৰ সভাপতি কমল ৰোহি দাসৰ পিতৃৰ এই কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পিতৃতুল্য অভিযুক্তৰ কামনাৰ বলি হোৱা ঘটনাৰ বিষয়ে কিশোৰী গৰাকীক পৰিয়ালে চিকিৎসকৰ ওচৰলৈ নিয়াত পোহৰলৈ আহে ৷ ইয়াৰ পিচতেই অভিযুক্ত দয়াৰাম ৰুহিদাসে আৰক্ষীৰ ওচৰত আত্মসমপৰ্ণ কৰে ।