সৰ্বভাৰতীয় পৰ্যায়ত স্বৰ্ণসহ আঠটা পদকৰে উজলিল 60 বছৰ উৰ্দ্ধৰ অসমৰ খেলুৱৈ - Ranjita Gogoi - RANJITA GOGOI
🎬 Watch Now: Feature Video


Published : May 30, 2024, 8:37 PM IST
যোৰহাট, 30 মে’ : পান ইণ্ডিয়া মাষ্টাৰ্চ গেমছ্ ফেডাৰেচনৰ উদ্যোগত হায়দৰাবাদত 22 মে’ৰ পৰা 24 মে’লৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ চেম্পিয়নশ্বিপ 2024 ৰ প্ৰতিযোগিতাত চাৰিটা স্বৰ্ণ, তিনিটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে 60 বছৰ উৰ্দ্ধৰ খেলুৱৈ ৰঞ্জিতা গগৈয়ে ৷ এই সফলতাৰ বাবে আজি খৈলুৱৈগৰাকীক সদৌ তাই আহোম ছাত্ৰ সন্থাৰ (আটাছু) যোৰহাট নগৰ সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
ৰঞ্জিতা গগৈয়ে সাঁতোৰত ক্ৰমে 200 মিটাৰ আৰু 50 মিটাৰ বাটাৰফ্লাইত সোণ, 50 মিটাৰ ব্ৰেকষ্ট্ৰ’কত সোণ, ৰীলেত সোণ, 50 মিটাৰ ফ্ৰি ষ্টাইল, 100 মিটাৰ ব্ৰেকষ্ট্ৰ’ক, লং জাম্পত ৰূপ আৰু 60 মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ,ৰাষ্ট্ৰীয় শক্তি উত্তোলক আৰু ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈ ৰঞ্জিতা গগৈ যোৰহাট ৰামকৃষ্ণ নগৰ নিবাসী ড৹ জ্যোতি কুমাৰ গগৈৰ পত্নী ৷ তেওঁৰ এই সফলতাই অন্য খৈলুৱৈ সকলক আগবাঢ়ি যোৱাত সহায় আৰু প্ৰেৰণা লাভ কৰিব বুলি মত প্ৰকাশ কৰিছে সকলোৱে ৷