জনপ্ৰতিধিৰ আশ্বাসলৈ ৰৈ নাথাকি ৰাইজে মেৰামতি কৰিলে পথ - Pathetic Road Condition

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 4:06 PM IST

thumbnail
জনপ্ৰতিধিৰ আশ্বাসলৈ ৰৈ নাথাকি ৰাইজে মেৰামতি কৰিলে পথ (ETV Bharat Assam)

ৰঙিয়া,২৯ জুন: চৰকাৰলৈ বাট চাবলৈ আৰু মন নাই ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজৰ । অৱশেষত হাতে কামে লাগি নিজে পথ মেৰামতি কৰিবলৈ ওলাই আহিল অঞ্চলটোৰ ৰাইজ । জন্মলগ্নৰে পৰা কেঁচা হৈ থকা পথছোৱা নিৰ্মাণ কৰিলে ৰঙিয়াৰ কৰাৰা গড়ভিতৰ গাওঁবাসীয়ে । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱৰ পৰা কৰাৰা গড়ভিতৰ হৈ তুলসীবাৰীলৈ যোৱা পথটো সাময়িকভাৱে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তোলে ৰাইজে । পথ নিৰ্মাণৰ বাবে ব্যক্তিগতভাৱে আৰ্থিক সাহায্য আগবঢ়ালে তৰণীৰ নিবাসী নিপন ভূঞাই ।  

নিপন ভূঞাৰ সহযোগত কৰাৰা গড়ভিতৰ গাঁৱৰ শিশু, মহিলাসহ বহুলোক ওলাই আহিল পথ নিৰ্মাণৰ বাবে । যাতায়তৰ নামত দুৰ্ভোগ ভুগি অহা লোকসকলে জহি-খহি যোৱা পথটো নিৰ্মাণ কৰি উলিওৱাৰ পিছত আনন্দত উৎফুল্লিত হৈ পৰে । উল্লেখ্য যে বছৰ বছৰ ধৰি এই গুৰুত্বপূৰ্ণ পথটো কেঁচা হৈ আছে । বৰষুণ, বানৰ ফলত পথটো মাজে মাজে জহিখহি গৈ খাৱৈত পৰিণত হৈছে । এই অংশবোৰ মেৰামতি নকৰাৰ ফলত বছৰটোৰ বেছিভাগ সময় বোকা-পানীৰে ভৰি থাকে পথটো । যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ নামত যমৰ-যাতনা ভুগি থাকিব লগা হৈছে । সেয়েহে পথছোৱাৰ মেৰামতি সম্পূৰ্ণ কৰাৰ পিচতে ৰাইজে সংবাদ মাধ্যমৰ জড়িয়তে চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.