ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই পানী; জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বন্যাৰ্তৰ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 2:28 PM IST

thumbnail
ৰ'দ ওলোৱাৰ পাচতো আঁতৰা নাই বন্যাৰ্তৰ হাহাকাৰ (ETV Bharat Assam)

ৰঙিয়া, 22 জুন: নেৰানেপেৰা বৰষুণৰ অন্তত এতিয়া ৰ'দ ওলাইছে ৰঙিয়াত । কিন্তু এতিয়াও বানত ককবকাই আছে ৰঙিয়াৰ মাদৈকাটা গাঁৱৰ গঞাই । বাক্সা জিলাৰ অধীনৰ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত মাদৈকাটা গাঁও এতিয়াও ডুবি আছে বানত । আজি পৰ্যন্ত কোনো বান সাহাৰ্য লাভ নকৰাৰ অভিযোগ তুলিছে বন্যাৰ্তই । 

বানৰ ফলত গাঁওবাসীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ । কলৰ ভূৰ বান্ধি বিপদসংকুলভাৱে যাতায়ত কৰিছে অঞ্চলটোৰ বানাক্ৰান্তই । বানত ক্ষতিগ্ৰস্ত লোকসকলৰ এদিনো খবৰ ল’বলৈ জনপ্ৰতিনিধিৰ আহৰি নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে । জানিব পৰা মতে, চলিত বানত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । লগতে, অঞ্চলটোৰ প্ৰায় ভাগ ঠাইতে বিচ্ছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা । 

জীৱ-জন্তুৰ সৈতে সহাৱস্থান কৰিবলগীয়াত পৰিছে বন্যাৰ্তই । ইফালে এই বানত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষি-ভূমিৰ লগতে খেতি । লগতে বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাৰ ফলতো হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে মৎস্যপালকসকলৰ মাজত । পশুধনৰ খাদ্যৰো অভাৱ ঘটাত পশুধনৰ গৰাকীবোৰ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বানত মুঠ ২৭ গৰাকী লোকৰ মৃত্যু; ১৩২৫ গাঁও ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.