মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে : আশ্ৰাফুল ইছলাম - Assam CM on Muslim population

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 7:46 PM IST

thumbnail
মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে (ETV Bharat)

জনীয়া, ১৯ জুলাই : অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডত কৰা সাম্প্ৰদায়িক মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰা দেখা গৈছে । তাৰ মাজতে ৰাইজৰ দলেও মুখ্যমন্ত্ৰীক উভতি ধৰিছে । মুখ্যমন্ত্ৰীৰ এই সাম্প্ৰদায়িক মন্তব্যৰ ঘোৰ বিৰোধিতা কৰিছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক আশ্ৰাফুল ইছলামে ।

তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে । মুখ্যমন্ত্ৰীয়ে ২০২৬ চনত ক্ষমতা হেৰুওৱাৰ ভয়ত আবোল-তাবোল বকিছে । তেওঁ বিজেপিৰ লগত মিলি লুটি-পুটি খাই অসম আৰু অসমীয়া জাতিটোক ধ্বংস কৰি আহিছে বুলিও তেওঁ অভিযোগ কৰে । ইছলামৰ মতে ১৯৫১ চনত অসমত মুছলমানৰ সংখ্যা ১২ শতাংশ নহয় ২৪ শতাংশহে আছিল । মুখ্যমন্ত্ৰীয়ে মুছলমানৰ জনসংখ্যাৰ তথ্য ক'ৰ পৰা পাইছে সেয়া প্ৰকাশ কৰিবলৈ তেওঁ প্ৰত্যাহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে অসমৰ সহজ-সৰল লোকক বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে । অসমৰ ৰাইজে তেওঁৰ এনে সাম্প্ৰদায়িক ৰাজনীতিত ভোল নাযায় বুলিও ৰাইজৰ দলৰ নেতাগৰাকীয়ে দাবী কৰে ।

লগতে পঢ়ক :হিন্দুৰ সুৰক্ষা বিচাৰিছে যদি ৬ নং দফাৰ প্ৰতিবেদন কাৰ্যকৰী কৰক : ৰাইজৰ দল - Himanta Biswa Sarma On Muslim

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.