অৰবিন্দ কেজৰিৱালক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী ৰাইজৰ দলৰ - raijor dal protest
🎬 Watch Now: Feature Video
Published : Mar 22, 2024, 4:01 PM IST
গুৱাহাটী, ২২মাৰ্চ: অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ে ফেডাৰেল এজেন্সীৰ দ্বাৰা কোনো বলপূৰ্বক পদক্ষেপৰ পৰা আপৰ ৰাষ্ট্ৰীয় আহ্বায়কক সুৰক্ষা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰাৰ পিচতে কালি গ্ৰেপ্তাৰ কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক । ইয়াৰ পিচতেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ সন্দৰ্ভত আপে বিজেপি নেতৃত্বাধীন কেন্দ্ৰক আক্ৰমণৰ লক্ষ্য কৰি লয় । ইপিনে, দেশৰ বিভিন্ন দল-সংগঠনে এই কাৰ্যৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰতিবাদ ।
দিল্লীৰ সুৰা নীতি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিচতে তেওঁক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি ৰাইজৰ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মঠঘৰীয়াত ৰাইজৰ দলৰ কার্যলয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্য়স্ত কৰে । হাতে হাতে বেনাৰ,পোষ্টাৰ লৈ প্ৰতিবাদ কৰে ৰাইজৰ দলে । ৰাইজৰ দলৰ নেতা ভাস্কো ডি শইকীয়াই কয় যে গণতন্ত্ৰক হত্যা কৰিছে বিজেপিয়ে । তদন্তকাৰী সংস্থা সমূহক বিজেপিয়ে ৰাজনৈতিক ভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ কৰে ৰাইজৰ দলে ।