চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ৰাইজৰ দলৰ - Medical fees hike in Assam

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 7:44 PM IST

thumbnail
ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বৰা (ETV Bharat Assam)

গুৱাহাটী,৩১ জুলাই : ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ত ৰোগীৰ চিকিৎসা সেৱাৰ মাচুল ২০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিবলৈ চলোৱা প্ৰস্তুতিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলে ৷  চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধি সন্দৰ্ভত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক চিন্ময় বৰাই কয়, ‘‘ দৰিদ্ৰ জনতাক মাধমাৰ শোধাই স্বাস্থ্য বিভাগে সাজু কৰা মাচুল বৃদ্ধিৰ তালিকাৰ দ্বাৰা দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক চৰকাৰী স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে ।’’

সেয়ে এনেধৰণৰ সিদ্ধান্তৰ পৰা চৰকাৰক আঁতৰি থাকিবলৈ দাবী জনাই ৰাইজৰ দলে । তেওঁ কয়, ‘‘ চৰকাৰে স্বাস্থ্যখণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজাই আছে । অথচ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বৰ্তমান পয়ালগা অৱস্থা । আজিও চৰকাৰী চিকিৎসালয়ৰ পৰ্যাপ্ত সা-সুবিধাখিনি চৰকাৰে যোগান ধৰিব পৰা নাই । চৰকাৰী চিকিৎসাৰ মাচুল বৃদ্ধিৰ চিন্তা কৰা চৰকাৰে চিকিৎসাখণ্ডৰ ব্যয় বঢ়াওক ।’’

চৰকাৰী চিকিৎসাৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰক আহ্বান জনাই ৰাইজৰ দলে ৷  চিন্ময় বৰাই কয়, ‘‘ অসম চৰকাৰলৈ ৰাইজৰ দলৰ আহ্বান- কেৱল বিল্ডিং বনালেই নহ’ব । চিকিৎসালয়ৰ ভিতৰৰ আন্তঃগাথঁনি উন্নত কৰাৰ ব্যৱস্থা কৰক । স্বাস্থ্যসেৱাৰ মানদণ্ড উন্নত কৰক । দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে যাতে চৰকাৰী চিকিৎসালয়ৰ সুবিধাৰ পৰা বঞ্চিত হৈ নাৰ্ছিংহোমলৈ যাবলগীয়া নহয় ৷’’

লগতে পঢ়ক : চিকিৎসা মাচুল বৃদ্ধিৰ বিৰোধিতা আছুৰ

লগতে পঢ়ক : চিকিৎসা মাচুল বৃদ্ধি সন্দৰ্ভত কি ক'লে জি এম চি এইচৰ অধ্যক্ষই

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক কি ক'ব লাগে ? শিকালে শংকৰ জ্যোতি বৰুৱাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.