জনপ্ৰতিনিধিলৈ অপেক্ষা নকৰি ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ - Dilapidated road in Jonai - DILAPIDATED ROAD IN JONAI
🎬 Watch Now: Feature Video
Published : Jul 14, 2024, 9:01 PM IST
জোনাই, ১৪ জুলাই : লালী নদীৰ বানত বিধ্বস্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বগৰীগুৰী সংযোগী পথছোৱা ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে মেৰামতি কৰিলে । দেওবাৰে ধেমাজি জিলাৰ বগৰীগুৰী অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে হাতে হাতে কোৰ, বেলচা লৈ পথছোৱাৰ মেৰামতি কৰে । এই পথছোৱাৰ বগৰীগুৰী অঞ্চলৰ দুটা অংশত লালী নদীৰ বাঢ়নী পানীয়ে ছিঙি পেলোৱাত ৰাইজে যাতায়তত সমস্য়াৰ সন্মুখীন হৈ আহিছিল ।
বগৰীগুৰী সামাজিক বনানিকৰণ এলেকাত লালী নদীৰ মঠাউৰি ছিঙি বানপানী সৃষ্টি হোৱাৰ ফলত বগৰীগুৰী বৈকুণ্ঠপুৰ সংযোগী পিএমজিএছৱাই পথছোৱাৰ দুটা অংশ বিধ্বস্ত হয় । ফলত এই পথছোৱাৰে লাইমেকুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ মেচাকি চাপৰি, ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ কয়লাআলি,বদলপুৰ,বগৰীগুৰী অঞ্চলৰ তিনিকুৰিখনৰো অধিক নৈপৰীয়া বানপীড়িত ৰাইজে কষ্টৰে যাতায়ত কৰিব লগা হৈছে ।
উল্লেখ্য় যে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৈকুণ্ঠপুৰৰ পৰা বগৰীগুৰী সংযোগী ১২ কিলোমিটাৰ দৈৰ্ঘৰ পিএমজিএছৱাই পথছোৱাৰ দমকলঘাটৰ পৰা বগৰীগুৰী বজাৰলৈকে দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত অতি বিধ্বস্ত হৈ আছিল । পথছোৱাৰ মাজে মাজে বৃহৎ গাঁতৰ সৃষ্টি হৈছে ।