thumbnail

নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত মমবাতি লৈ প্ৰতিবাদ - Load Shedding in Assam

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 2:29 PM IST

মাণিকপুৰ, ১০ জুলাই: বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত কীৰ্তনপাৰা বজাৰত মঙলবাৰে নিশা অসম শক্তি বিতাৰণ কোম্পানী লিমিটেডৰ (এ পি ডি চি এল) বিৰুদ্ধে হাতে হাতে মমবাতি লৈ প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি কীৰ্তনপাৰা বজাৰৰ পাঁচ শতাধিক ব্য়ৱসায়ীসকলে বিদ্যুতৰ লুকাভাকুৰ লগতে ভল্টেজ নোপোৱাৰ বাবে দুৰ্ভোগ ভুগিছে ।

ভুক্তভোগী গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰি কয় যে ২৪ ঘন্টাৰ ভিতৰত ২ ঘন্টাও বিদ্যুৎ নাথাকে । বিদ্যুৎ থাকিলেও ভল্টেজ নাথকাৰ ফলত অসুবিধাৰ সম্মুখীন হৈছে ব্যৱসায়ী সকলে । ইফালে, বিদ্যুৎ মাচুলৰ ক্ষেত্ৰতো অতিৰিক্ত মাচুল আদায়ৰ অভিযোগ উত্থাপন কৰিছে । 

দীৰ্ঘদিন ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ লগতে ভল্টেজ বৃদ্ধিৰ দাবী কৰি আহিছে যদিও এতিয়ালৈকে বিদ্যুৎ বিভাগে গুৰুত্ব দিয়া নাই । যাৰ বাবে মঙলবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰী সকলে বিদ্যুৎ যোগান শীঘ্ৰেই নিয়মীয়া কৰাৰ লগতে ভল্টেজ বৃদ্ধি কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:লোডশ্বেডিঙত অতিষ্ঠ : নলবাৰীত বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ দাবী ৰাইজৰ - Load Shedding in Assam

ক্ষোভিত আছু; ৰৌতাত দাহ শক্তিমন্ত্ৰীৰ প্ৰতিকৃতি - Protest Against APDCL

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.