বিলাসীপাৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ - Power Supply Disrupt

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 9:00 PM IST

thumbnail
বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

বিলাসীপাৰা, ২৭ জুলাই : উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে । এনে সময়ত বিলাসীপাৰা বিদ্যুৎ উপ-সংমণ্ডলৰ বিষয়ববীয়াৰ মইমতালিত অতিষ্ঠ হৈ গ্ৰাহক ৰাইজে বিভাগটোৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে । বিদ্যুৎ যোগান অনিয়মীয়া হোৱাত চিৰাকুটা বজাৰত শনিবাৰে শ শ ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ।  

ধুবুৰী জিলাৰ বিলাসীপাৰা উপ-সংমণ্ডলৰ অধীনৰ চিৰাকুটাৰ বৃহত্তৰ অঞ্চলটোত ঘন্টাৰ পিচত ঘন্টা ধৰি বিদ্যুৎ কৰ্তন কৰি আহিছে । শনিবাৰে ৰাইজ বজাৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ' শক্তি মন্ত্ৰী মুৰ্দাবাদ ', 'শক্তি মন্ত্ৰী পদত্যাগ কৰক','বিদ্যুৎ নিয়মীয়াকৈ যোগান ধৰক' আদি শ্লোগান দিয়ে ।

এই সন্দৰ্ভত এজন গ্ৰাহকে ক্ষোভ প্ৰকাশ কৰি কয়," বিজেপি চৰকাৰে ২৪ ঘন্টাই বিদ্য়ুৎ যোগান ধৰিব বুলি কৈছিল যদিও এতিয়া এঘন্টাও নাথাকে । বিজেপি চৰকাৰে মিছা মাতি ৰাইজক জলা-কলা খুৱাইছে । বিভাগীয় মন্ত্ৰী যে এই দায়িত্বত আছে তেওঁ গমেই নাপায় ।"

লগতে পঢ়ক:নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত মমবাতি লৈ প্ৰতিবাদ - Load Shedding In Assam

অনিয়মীয়া বিদ্যুৎ যোগানে জলা-কলা খুৱাইছে নামতিবাসীক - Power Supply Disrupt

হঠাৎ অন্ধকাৰে গ্ৰাস কৰিলে উজনি অসম; মুখ্যমন্ত্ৰীৰ ওচৰ পালেহি অভিযোগ; তাৰ পিচত... - Power supply disrupt in Upper Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.