thumbnail

By ETV Bharat Assamese Team

Published : Feb 17, 2024, 7:06 AM IST

ETV Bharat / Videos

বাংলাদেশত হিন্দু শিক্ষাৰ্থীৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

বৰপেটাৰোড,১৭ ফেব্ৰুৱাৰী: বাংলাদেশৰ হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে শুকুৰবাৰে বৰপেটাৰোডত হিন্দু জাগৰণ মঞ্চই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । সৰস্বতী পূজাৰ দিনা বাংলাদেশত হিন্দু শিক্ষাৰ্থীৰ ওপৰত হোৱা অত্যাচাৰক তীব্ৰ গৰিহণা দি হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিয়ে বৰপেটাৰোডত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশৰ হিন্দুৰ ওপৰত যদি অত্যাচাৰ বন্ধ নকৰে তেন্তে ভাৰতৰ পৰা ৰপ্তানিকৃত সকলো সামগ্ৰী বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে হিন্দু জাগৰণ মঞ্চই ।  

বাংলাদেশ চৰকাৰক বাংলাদেশৰ হিন্দু বিৰোধী চক্ৰক উৎখাত কৰিবলৈ আহবান জনায় হিন্দু জাগৰণ মঞ্চই । বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক সমালোচনা কৰি বাংলাদেশৰ হিন্দুৰ হোৱা ওপৰত নিৰ্মম অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনায় হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিয়ে ৷  

লগতে পঢ়ক: উত্তাল কাৰ্বি আংলং, টায়াৰ জ্বলাই অৰ্ধ নগ্ন প্ৰতিবাদ, ধৰ্ণা-ৰেলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.