পলাশবাৰীত ভূ-মাফিয়াৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Feb 18, 2024, 9:36 PM IST

thumbnail

মিৰ্জা, ১৮ ফেব্ৰুৱাৰী: দক্ষিণ কামৰূপত ভূ-মাফিয়াৰ সন্ত্ৰাস অব্যাহত । পলাশবাৰীৰ বৰতেজপুৰ মধুপুৰত ভূ-মাফিয়াৰ সন্ত্ৰাস আৰু বন বিষয়াৰ বিৰুদ্ধে ৰাইজে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ক্ষুব্ধ ৰাইজে । কুকুৰমাৰাত বন বিভাগৰ কাৰ্যালয়তো ৰাইজে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ।

ক্ষুব্ধ ৰাইজে 'বিধায়ক হেমাংগ ঠাকুৰীয়াৰ হায় হায়', 'ভূ-মাফিয়া মূৰ্দাবাদ', 'বন বিভাগ হায় হায় ' শ্ল'গানেৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে । অঞ্চলটোৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা অবাধ কৃষি ভূমি খননৰ বিৰুদ্ধে ৰাইজে এইদৰে প্ৰতিবাদ জনায় । ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ পিছতো চৰকাৰ তথা প্ৰশাসনৰ গা নলৰাত ৰাইজে ইয়াতকৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে । ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন বিষয়া, ৰেঞ্জাৰৰে ভূ-মাফিয়াৰ গোপন মিতিৰালি আছে ।

লগতে পঢ়ক:বিদ্যুৎ সংযোগ বিচ্ছিন্ন ৰখাৰ বাবেই উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.