thumbnail

5 জুলাইত শুভমুক্তি ‘ইমন’ৰ : তিনিচুকীয়াত বুধবাৰে উপস্থিত হ’ল কলা-কুশলী - New Assamese Movie

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 10:37 PM IST

তিনিচুকীয়া, ১৯ জুন : ইমন ফিল্ম ক্ৰিয়েছনৰ বেনাৰত বিপুল চন্দ্ৰ দাস আৰু ইতি দাস গগৈৰ প্ৰযোজনাৰে শুভমুক্তি লাভ কৰিব নতুন অসমীয়া ছবি  ‘ইমন’এ ৷ ৫ জুলাইত শুভমুক্তি লাভ কৰিবলগীয়া ছবিখন প্ৰচাৰ অভিযান ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে ৷

বুধবাৰে ইমনৰ প্ৰচাৰ চলাবলৈ তিনিচুকীয়াৰ TDA মাৰ্কেটত উপস্থিত হয় ছবিখনৰ শিল্পীসকল ৷ ছবিখনত চৰিত্ৰ  ৰূপায়ন কৰা সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, দেৱজিৎ মজুমদাৰ, প্ৰতিভা চৌধুৰীকে ধৰি বহুকেইগৰাকী অভিনেতা-অভিনেত্ৰী উপস্থিত হয় তিনিচুকীয়াত ৷ উল্লেখ্য যে ৰাজ্যৰ বহুকেইগৰাকী ন-পুৰণি অভিনেতাই চৰিত্ৰ ৰূপায়ন কৰা ছবিখন  অসমৰ লগতে দেশৰ বহুকেইটা ছবিগৃহত একেলগে মুক্তিলাভ কৰিব ৷ অসীম বৈশ্যৰ পৰিচালনাৰ ছবিখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছে ইমনৰ কলা-কুশলীসকলে ।

উল্লেখ্য যে, বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ জৰিয়তে কেকে-মোহন হিচাপে জনপ্ৰিয়তা লাভ কৰা সিদ্ধাৰ্থ শৰ্মা আৰু দীপজ্যোতি কেওটক একেলগে দেখা যাব ‘ইমন’ত ৷

লগতে পঢ়ক: জনপ্ৰিয় চিৰিজ বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.