thumbnail

স্বাস্থ্যমন্ত্ৰীক প্ৰমাণ দিয়াৰ দাবী ৰাজ্যিক আশা ইউনিয়নৰ

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 8:23 PM IST

গুৱাহাটী, 24 ফেব্ৰুৱাৰী : চৰকাৰে আশা কৰ্মীক কৰা বঞ্চনাৰ বিৰুদ্ধে আজি গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে অসম ৰাজ্যিক আশা ইউনিয়নে ৷ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে আশা ইউনিয়নৰ বিষয়ববীয়া সকল ৷  

গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে সংবাদমেল সম্বোধন কৰি আশা কৰ্মীয়ে মাহিলী 20-25 হাজাৰ টকা লাভ কৰা বুলি স্বাস্থ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ইউনিয়নৰ সভানেত্ৰী মমতা ৰাভাই ৷ স্বাস্থ্যমন্ত্ৰীৰ এই মন্তব্য যদি সঁচা হয় তেন্তে চৰকাৰক প্ৰমাণ সহকাৰে এই তথ্য ৰাজহুৱা কৰা দাবী জনায় ৷ লগতে চৰকাৰে মাহিলী কি কি শিতানত মজুৰী প্ৰদান কৰে সেয়া স্পষ্ট কৰিবলৈয়ো দাবী জনায় তেওঁ ৷

তদুপৰি চৰকাৰে শীঘ্ৰেই আশা কৰ্মী সকলৰ অনাদায় ধন মুকলি কৰি নিদিলে ৰাজপথত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কাম বন্ধ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷ লগতে আশাকৰ্মী সকলক স্বেচ্ছাসেৱীৰ পৰিৱৰ্তে কৰ্মচাৰী হিচাপে চিহ্নিত কৰাৰ দাবী জনায় সংগঠনটোৱে ৷ 

লগতে পঢ়ক : অংগনবাড়ী কৰ্মীৰ পক্ষত তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.