কটকটীয়া নিৰাপত্তাৰ মাজেৰে নগাঁৱত উদযাপিত হ'ব ৭৫ সংখ্যক গণৰাজ্য দিৱস - Nagaon SP
🎬 Watch Now: Feature Video


Published : Jan 25, 2024, 6:56 PM IST
নগাঁও, 25 জানুৱাৰী: আলফা স্বাধীনে বৰ্জন কৰিলেও দেশবাসীৰ লগতে ৰাজ্যবাসী সাজু হৈছে ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে । শুকুৰবাৰে নগাঁৱতো উদযাপন কৰা হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱস ।
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱস উদযাপনৰ বাবে ইতিমধ্যেই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে । গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুত হৈছে নগাঁও আৰক্ষীও । গণৰাজ্য দিৱসৰ পেৰেডৰ চূড়ান্ত অনুশীলন পৰ্যবেক্ষণ কৰিবলৈ বৃহস্পতিবাৰে বিয়লি নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত উপস্থিত হয় নগাঁও জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত ।
আৰক্ষী অধীক্ষকগৰাকী নুৰুল অমিন ষ্টেডিয়ামত উপস্থিত হৈ আৰক্ষীৰ পেৰেডৰ অনুশীলন পৰ্যবেক্ষণ কৰাৰ লগতে নগাঁৱত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা বুলিও মন্তব্য কৰে ।
আলফা স্বাধীনে ৭৫ সংখ্যক গণৰাজ্য দিৱস বর্জনৰ আহ্বান জনাইছে যদিও নগাঁৱত কটকীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰেই গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে নগাঁও আৰক্ষী ।
৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলগীয়া নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামত ইতিমধ্যেই গঢ়ি তুলিছে নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা । কেৱল নগাঁৱৰ নুৰুল অমিন ষ্টেডিয়ামতেই নহয়, সমগ্ৰ নগাঁও জিলাখনতেই নিছিদ্ৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে নগাঁও আৰক্ষীয়ে ।