আলি আয়ে লৃগাঙক লৈ ধেমাজিত উচাহৰ ঢল - Ali Ai Ligang in Dhemaji
🎬 Watch Now: Feature Video


Published : Feb 13, 2024, 2:28 PM IST
ধেমাজি, ১৩ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি আয়ে লৃগাং লৈ মাজত কেইটিমান মূহুৰ্ত্ব বাকী থকা অৱস্থাত লৃগাঙৰ আনন্দত মুখৰ হৈ পৰিছে মিচিং অধ্যুষিত গাঁওসমূহ ৷ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাঙক লৈ ব্যাপক প্ৰস্তুতি চলিছে মিচিং জনগোষ্ঠীৰ লোকসকলৰ মাজত । ফাগুন মাহৰ পহিলা বুধবাৰে আলি আয়ে লৃগাং উদযাপন কৰাৰ সমান্তৰালভাৱে আলি আয়ে লৃগাং সন্মিলন হিচাপে আয়োজন কৰিবলৈ চলাইছে প্ৰান্তে প্ৰান্তে প্ৰস্তুতি ৷
ঘিলৰাৰ ওভতা চাম পৰামুখ চৃঃচাং অপেঃৰ উদ্যোগত আৰু ওভতা চাম পৰামুখ জ্যোতি কৃষ্টি সংঘৰ সহযোগত অহা ইংৰাজী ১২ আৰু ১৩ মাৰ্চ ত অষ্টম সংখ্যক আলি আয়ে লৃগাংৰ আয়োজন কৰিছে । এই উপলক্ষে গাঁওখনত সোমবাৰে পৰম্পৰাগত ৰীতি-নীতি আৰু মাংগলিক কাৰ্যসূচীৰে মুৰং গৃহৰ পবিত্ৰ লাইখুঁটা স্থাপন কৰে ৷ ইয়াৰ পিছতে গাঁৱৰ যুৱক-যুৱতীসকলে গুমৰাগ নৃত্য আৰু ঐনিতম গীত গাই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে । দুয়োটা দিনতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ।
লগতে পঢ়ক: যোৰহাটৰ গন্ধীয়া মিচিং গাঁৱত আলি আয়ে লৃগাঙৰ প্ৰস্তুতি