প্ৰাণৰ লৃগাঙৰ আনন্দত প্ৰাণচঞ্চল হৈ উঠিছে চিলাপথাৰ - ali aye ligang

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 11:00 PM IST

জোনাই, 13 ফেব্ৰুৱাৰী: কাইলৈ পহিলা ফাগুন, তাতে আকৌ বুধবাৰ ৷ পৰম্পৰা অনুসৰিয়েই ফাগুনৰ প্ৰথমটো বুধবাৰে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে পালন কৰিব চেনেহৰ উৎসৱ আলি আঃয়ে লৃগাং ৷ ইতিমধ্যে লৃগাঙৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে মিচিং গাঁওসমূহত ৷ ঐনিতম আৰু গুমৰাগৰ সুৰে মন মতলীয়া কৰা এই বতৰত লৃগাং উদযাপনৰ বাবে মিচিং ৰাইজ সাজু হৈছে ৷ লৃগাঙৰ বাবে তৰাপাত, বৰাচাউল, মেগেলা, কচুপাত, গাহৰি মাংস আদি কিনাত ব্যস্ত গ্ৰাহক ৷
এতিয়া চৌদিশে পলাশ, শিমলু, মদাৰ, কম্বং আদি ফুলিছে ৷ ছাইৰঙী আকাশ শুৱাইছে শিমলু-মদাৰৰ ৰঙেৰে ৷ লৃগাঙৰ বতৰা কঢ়িয়াই আনিছে পচোৱাজাকেও ৷ মিচিং জনগোষ্ঠীৰ বাবে যেন লৃগাং মানেই ফাগুন; ফাগুন মানেই লৃগাং ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিচিংসকলে প্ৰতিবছৰৰ দৰে এইবাৰো ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উদযাপন কৰিব জাতীয় উৎসৱ আলি আঃয়ে লৃগাং ৷ আলি আঃয়ে লৃগাঙ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ ৷ 

প্ৰাণৰো প্ৰাণৰ উৎসৱটি জাকজমকতাৰে উদযাপন কৰিবলৈ এতিয়া ব্যস্ত মিচিং গাৱঁৰ ডেকা-গাভৰু আৰু জীয়াৰী-বোৱাৰী ৷ চিলাপথাৰ গাৱঁৰ মিচিং ৰাইজৰ মাজতো দেখা গৈছে লৃগাং উদযাপনৰ ব্যপক প্ৰস্তুতি ৷

লগতে পঢ়ক: ৰজাপুখুৰী শ্যাম গাঁৱত নিশাৰ আলহী হ’ব মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.