প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যই ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি কৰিছে: সুৰেশ বৰা - LOK SABHA ELECTIONS - LOK SABHA ELECTIONS
🎬 Watch Now: Feature Video


Published : Mar 23, 2024, 7:33 PM IST
মৰিগাঁও,২৩ মাৰ্চ: শনিবাৰে মৰিগাঁও চহৰত বিজেপিৰ দলীয় সভাত অংশগ্ৰহণ কৰি নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক সমালোচনা বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ । তেওঁ কয়, "প্ৰদ্যুৎ বৰদলৈ এজন ইনটেলেকচুৱেল পলিটিচিয়ান বা শিক্ষিত ৰাজনীতিক হিচাপে ৰাইজে জানে । কিন্তু নিৰ্বাচনী প্ৰচাৰত নামি তেওঁ যিবোৰ কথা ব্যক্তিগতভাৱে কৈছে, তেনেবোৰ কথাই ৰাইজৰ মাজত সন্দেহ সৃষ্টি কৰিছে ।" শনিবাৰে মৰিগাঁও চহৰৰ নগৰ মণ্ডলৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰচাৰ সভাত অংশ লৈ লগতে তেওঁ কয় যে, সংখ্যালঘূ বসতিপ্ৰধান বিধানসভা সমষ্টি লাহৰীঘাট, ধিং, চামগুৰি, ৰূপহী আদি সমষ্টিৰ সংখ্যালঘূ ৰাইজ স্বতস্ফুৰ্তভাৱে ওলাই আহিছে ।
লগতে সুৰেশ বৰাই কয় যে এইবাৰ নিৰ্বাচন হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচন । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰীকা, বিধায়ক ৰমাকান্ত দেউৰীক কাম কৰাৰ বাবে প্ৰেৰণা যোগোৱাৰ নিৰ্বাচন । আনহাতে সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই কয় যে কংগ্ৰেছ বিধায়কসকলে সহায় নকৰে কাৰণ তেওঁলোকে তেওঁলোকৰ দলৰ নীতি-আদৰ্শত কাম কৰি আছে । সমান্তৰালকৈ AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ সৈতে বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই প্ৰাৰ্থীগৰাকীয়ে ।
লগতে পঢ়ক: 14 খন আসনতে জয়যুক্ত হ’ব বিজেপি : অতুল বৰা - Lok Sabha Elections 2024