বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃৎশিল্পী - Vishwakarma Puja 2024

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 1:46 PM IST

thumbnail
বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্ত্তিত অন্তিম পৰশ দিয়াত ব্যস্ত বিক্ৰম পাল (ETV Bharat Assam)

নলবাৰী, ১৫ ছেপ্টেম্বৰ: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথো আৰু দুটা দিন বাকী । বিশ্বকৰ্মা পূজালৈ দুটা দিন বাকী থকাত এতিয়া ৰাজ্যৰ মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মৃণ্ময় মূৰ্তিসমূহত অন্তিম পৰশ দিয়াত । নলবাৰীতো একেই পৰিৱেশ । নলবাৰীতো এগৰাকী মৃৎশিল্পীয়ে সাজি উলিয়াইছে শ শ বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ মূৰ্তি । নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণত মৃৎশিল্পী বিক্ৰম কুমাৰ পালে নিৰ্মাণ কৰি উলিয়াইছে শ শ মূৰ্তি । ইতিমধ্যে পূজালৈ দুটা দিন বাকী থকাত মূৰ্তি সমুহৰ পঞ্চাশ শতাংশ কাম সম্পূৰ্ণ হৈ উঠা বুলি অৱগত কৰে শিল্পীগৰাকীয়ে ।  

সৰু, ডাঙৰ, মধ্যম সকলো ধৰণৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়াইছে বিক্ৰম পালে । মূৰ্তিসমূহৰ মূল্য ১৫০০ টকাৰ পৰা ৭ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰিছে বিক্ৰম পালে । তেওঁ জানিবলৈ দিয়া মতে পূৰ্বতকৈ এইবেলি মূৰ্তিৰ কিছু দামবৃদ্ধি পাইছে । লগতে নলবাৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলসমূহৰ পূজা সমিতিয়ে আগতীয়াকৈ পঞ্চাশ শতাংশ ক্ৰয় কৰা বুলিও তেওঁ জানিবলৈ দিয়ে । 

লগতে পঢ়ক: থলুৱা মৃৎশিল্পীৰ মুখত নাই উৎসাহ ! সমাদৰ কমিছে কেঁচা মাটিৰ মূৰ্তিৰ - Vishwakarma Puja 2024

দুৰ্গা পূজাত কি কি নিয়ম মানিব লাগিব সমিতিসমূহে ? - Durga Puja 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.