শিৱসাগৰৰ লিগিৰীবাৰীত পঃৰাগ উৎসৱৰ আয়োজন - Sivasagar news
🎬 Watch Now: Feature Video
Published : Jan 20, 2024, 7:27 PM IST
|Updated : Jan 20, 2024, 7:33 PM IST
শিৱসাগৰ,২০ জানুৱাৰী : শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখৰ লিগিৰীবাৰীত উদুলি মুদুলি পৰিৱেশ । লিগিৰীবাৰীৰ উমলীয়া পাংগিং ক্ষেত্ৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে পৰম্পৰাগত পঃৰাগ উৎসৱৰ । উৎসৱৰ দ্বিতীয় দিনা মিচিং লোকসকলে সৃষ্টিকর্তা, মাতৃ পৃথিৱী আৰু পূৰ্বপুৰুষসকলৰ পৰা সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে আশীর্বাদ বিচৰাৰ লগতে অন্যান্য গাঁৱৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে ।
পৰম্পৰা অনুসৰি এই উৎসৱত বিশেষকৈ জোৱাইসকলক নিমন্ত্ৰণ কৰা হয় । সমান্তৰালভাৱে মিবু দাগনামসকলক (পুৰোহিত) নিমন্ত্ৰণ কৰি অনা মিনমৰ (নিমন্ত্রিত অতিথি) সৈতে ডেকা-গাভৰু, জীয়ৰী-বোৱাৰী, বৃদ্ধসকলে বিভিন্ন পৰম্পৰাগত নৃত্য-গীতৰ মাজেৰে আনন্দ উল্লাহ কৰা দেখা গৈছে । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত পঃৰাগ উৎসৱৰ দেওবাৰে সামৰণি পৰিব ।
লগতে পঢ়ক:টীয়ক অগপই উদযাপন কৰিলে সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৪ সংখ্যক মৃত্যু তিথি