কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথে জলা-কলা খুৱাইছে উজনিমুৱা পথচাৰীক - Dilapidated National Highway

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 10:41 PM IST

thumbnail
ৰাষ্ট্ৰীয় ঘাইপথে জলা-কলা খুৱাইছে পথচাৰীক (ETV Bharat Assam)

কলিয়াবৰ,২২ আগষ্ট: কলিয়াবৰৰ উৰণ সেতুৱে মাতিছে বিপদ । দুৰ্ভোগ ভুগিছে পথচাৰীয়ে । উপযুক্ত সাংকেতিক চিহ্নৰ অভাৱত সঘনে সংঘটিত হৈছে দুৰ্ঘটনা । সাংকেতিক চিহ্ন স্পষ্ট নোহোৱাৰ বাবে ভুল দিশে গৈ দুৰ্ঘটনাত পতিত হৈছে উজনিমুৱা একাংশ যান-বাহন । কেইবাদিনো ধৰি নিশা কেইবাখনো উজনিমুৱা বাহন স্পষ্ট নোহোৱা সাংকেতিক চিহ্নৰ বাবেই নিৰ্মীয়মান দলঙত উঠি দুৰ্ঘটনাত পতিত হৈছে ।

ইফালে কলিয়াবৰ তিনিআলিত দীৰ্ঘদিন ধৰি নিৰ্মাণ চলি থকা উৰণ সেতুৰ কাষৰ পথৰ দুৰৱস্থা । পথ মেৰামতিৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ডাঙৰ ডাঙৰ শিল স্থাপন কৰাৰ অভিযোগ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে । দিনতে মেৰামতি কৰি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত কি কাৰণে এডাল গছৰ ডাল আৰু শিলৰ টুকুৰা পথৰ মাজত ৰাখিব লগা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে । ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা শিল আৰু গছৰ ডাল দিয়া অংশৰে বিপজ্জনকভাৱে চলাচল কৰিছে যান-বাহন । যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ঘণীভূত হৈছে । ইফালে, উক্ত স্থানৰ কলিয়াবৰ তিনিআলিৰ নিৰ্মীয়মান উৰণ সেতুৰ লেহেমীয়া নিৰ্মাণকাৰ্যক লৈও সৰৱ ছাত্ৰ সংগঠনটোৰ কলিয়াবৰ জিলা সমিতিৰ বিষয়ববীয়া ।

লগতে পঢ়ক: বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আছুৰ উদ্যোগত স্থানীয় লোকৰ প্ৰতিবাদ - Dilapidated Road In Udalguri

আটকাধীন প্ৰতিবাদকাৰীক মুকলিৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ : আইন হাতত তুলি নল’বলৈ আহ্বান আৰক্ষী অধীক্ষকৰ - Attack on Assamese in Tinsukia

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.