নাৰেংগীত আলফাই সংস্থাপন কৰা বোমা বিচাৰি হাহাকাৰ আৰক্ষীৰ - ULFA I Bomb plans

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:05 PM IST

thumbnail
নাৰেংগীত আলফাই সংস্থাপন কৰা বোমা বিচাৰি হাহাকাৰ আৰক্ষীৰ (ETV Bharat)

গুৱাহাটী,১৫ আগষ্ট : স্বাধীনতা দিৱস উদযাপনৰ মাজতেই আলফা (স্বাধীন)ৰ প্ৰেছ বিজ্ঞপ্তি ৰাজ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে । নিষিদ্ধ উগ্ৰপন্থী সংগঠনটোৱে ৰাজ্যৰ ১৯ টা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰাৰ পিচতে গৃহ বিভাগত হাহাকাৰ লাগিছে । সংগঠনটোৱে দাবী কৰা মতে গুৱাহাটীৰ নাৰেংগীৰ চিডিএ গেটৰ সমীপতো বোমা সংস্থাপন কৰা হৈছে । গুৱাহাটীৰ ৮ টাকৈ স্থানৰ ভিতৰত এই স্থানটোও অন্যতম ।

আলফা(স্বাধীন)ৰ এনে বিস্ফোৰক প্ৰেছ বিজ্ঞপ্তিৰ পিচতে যুদ্ধকালীন তৎপৰতাৰে নাৰেংগীত বোমা বিচাৰি সাতগাঁও আৰু নুনমাটি আৰক্ষীয়ে অভিযান চলাইছে । সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এ এম পি দাউলাগুফুৰ নেতৃত্বত আৰক্ষীৰ এটা দলে সাতগাঁও চিডিএ গেটৰ সন্মুখত অভিযান চলাইছে । অৱশ্যে প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ কোনো ধৰণৰ বোমা বা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । আৰক্ষীয়ে নলা, পদপথৰ দোকান, ৰখাই থোৱা বাহন আদিকে ধৰি বিভিন্ন বস্তু তন্ন-তন্নকৈ পৰীক্ষা কৰিছে । এনে পৰিস্থিতিত নাৰেংগী-সাতগাঁও সংযোগী পথটোও প্ৰশাসনে বন্ধ কৰি দিছে ।

লগতে পঢ়ক :আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.